গুৱাহাটী,১৭ মাৰ্চ: ভাৰতৰ বিহাৰৰ মুছাহাৰ গাঁৱৰ অমৰজিতে ২০০৬ চনত তেওঁৰ ছয় বছৰীয়া সম্পৰ্কীয় ভাই আৰু তেওঁৰ খুৰাকৰ ছোৱালীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁ নিজৰ আঠ মহীয়া ভনীয়েককো হত্যা কৰিছিল বুলি ধাৰণা কৰা হয়।অমৰজিতৰ খুৰাকৰ মতে, পৰিয়ালৰ কিছুমান সদস্য এই অপৰাধৰ বিষয়ে অৱগত আছিল, কিন্তু সেয়া পাৰিবাৰিক বিষয় বুলি গণ্য কৰি এৰাই চলিছিল।
২০০৭ চনত অমৰজিতে তৃতীয়টো সন্তান হত্যা নকৰালৈকে ঘটনাবোৰ প্ৰতিবেদিত হোৱা নাছিল। অন্তিমগৰাকী ভুক্তভোগী আছিল খুশবু নামৰ এগৰাকী ছয় মহীয়া কেঁচুৱা ছোৱালী।গাল্ফ নিউজৰ বাতৰি অনুসৰি কেঁচুৱাটোৰ মাক আৰু এগৰাকী চুবুৰীয়াই আৰক্ষীক কৈছিল যে তেওঁৰ ছোৱালী গৰাকীক প্ৰাথমিক বিদ্যালয়ত শুই থকা অৱস্থাত এৰি গৈছিল আৰু বজাৰৰ পৰা ঘূৰি অহাৰ সময়ত কেঁচুৱাটো সন্ধানহীন হৈ আছিল।
কেইঘণ্টামানৰ পিছত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰোঁতে আঠ বছৰীয়া অমৰজিতে স্বীকাৰ কৰিছিল যে তেওঁ কেছুৱাটোক ইটাৰে আঘাত কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁ গাওঁবাসীসকলক সেই ঠাইলৈ লৈ গৈছিল য'ত সন্তানটিক সমাধিস্থ কৰা হৈছিল। আৰক্ষী পৰিদৰ্শক শত্ৰুধন কুমাৰে কৈছিল যে এই গোটেই কেইটা হত্যাকাণ্ড একে ধৰণে সংঘটিত হৈছিল।মূলতঃ আমৰজিত এজন মানসিক ভাৱে বিকাৰগ্ৰস্ত শিশু আছিল, সি মানুহে কষ্ট পোৱাটো চাই খুব ভাল পাইছিল সেইবাবে মনৰ শান্তিৰ বাবে হত্যা কৰি ফুৰিছিল।
Comments