গুৱাহাটী,১৭ মাৰ্চ:ৰাছিয়াক ইউক্রেইনত সেনা অভিযান বন্ধ কৰিবলৈ ক’লে আন্তর্জাতিক আদালতে। ইউক্রেইনত ৰাছিয়াৰ এই সামৰিক অভিযান সন্দৰ্ভত আন্তর্জাতিক আদালতত ভোট হয়। তাত ১৩খন দেশৰ ন্যায়াধীশে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়ে। সপক্ষে ভোট দিয়ে দুখন দেশৰ ন্যায়াধীশে।
কিন্তু উল্লেখযোগ্য বিষয় হ’ল, যিসকলে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়ে তেওঁলোকৰ ভিতৰত আছে ভাৰতীয় ন্যায়াধীশ দলবীৰ ভাণ্ডাৰী। ৰাষ্ট্রসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ ভাৰতে ৰাছিয়াৰ এই আগ্রাসনী নীতিৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকি কূটনৈতিক স্তৰত বিষয়টি সন্দৰ্ভত আলোচনা কৰা উচিত বুলি প্রস্তাৱ দিয়াৰ সময়তে আন্তর্জাতিক আদালতত ন্যায়াধীশ ভাণ্ডাৰীৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানে নতুন দিল্লীক অস্বস্তিত পেলোৱা বুলি অনুমান কূটনীতিকসকলৰ।
আন্তর্জাতিক আদালতত দ্বিতীয়বাৰৰ বাবে ন্যায়াধীশ হিচাবে নির্বাচিত হৈছে দলবীৰ। ২০১২-ত প্রথমবাৰ নির্বাচিত হৈছিল। দ্বিতীয়বাৰ নির্বাচিত হয় ২০১৮-ত। দ্বিতীয়বাৰ ব্রিটেইনৰ মনোনীত প্রার্থী ন্যায়াধীশ গ্রিনউডক পৰাস্ত কৰি নির্বাচিত হয় দলবীৰ।বুধবাৰে ৰাছিয়া-ইউক্রইনৰ বিষয়টি সন্দৰ্ভত আন্তর্জাতিক আদালতত শুনানি হয়। তাত আদালতে কয়, “ইউক্রেইনত ৰাছিয়াৰ এই সামৰিক অভিযানক লৈ আমি অত্যন্ত উদ্বিগ্ন আৰু চিন্তিত। ৰাছিয়াই যেনেদৰে বল প্রয়োগৰ পথ লৈছে, সেয়া আন্তর্জাতিক নিয়মক উলঙ্ঘন কৰাৰ দৰে। সোনকালে এই সামৰিক অভিযানৰ পৰা নিজক আঁতৰাই আনুক ৰাছিয়াই।”
উল্লেখ্য, আন্তর্জাতিক আদালতত ১৫খন দেশৰ ন্যায়াধীশ আছে। আমেৰিকা, শ্লোভাকিয়া, ফ্রান্স, মৰক্কো, ছোমালিয়া, উগান্ডা, ভাৰত, জামাইকা, লেবানন, জাপান, জার্মানী, অষ্ট্ৰেলিয়াৰ ন্যায়াধীশসকল আৰু এজন অস্থায়ী ন্যায়াধীশে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়ে। আন্তর্জাতিক আদালতৰ এই নির্দেশৰ বিৰুদ্ধে ভোট দিয়ে আদালতৰ উপ-সভাপতি ৰাছিয়াৰ কিৰিল জেভৰজিয়ান আৰু চীনৰ চু হানকিনে।
Comments