গুৱাহাটী,১৭ মাৰ্চ:আগন্তুক ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ অসমৰ দুখন আসনৰ ভিতৰত এখনত বিজেপিয়ে নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে দ্বিতীয়খন আসন মিত্ৰদল ইউ পি পি এলক এৰি দিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা সমন্বিতে ক'ৰ কমিটিৰ আটাইকেইগৰাকী সদস্য উপস্থিত থাকে ।
ইতিমধ্যে বিজেপিৰ কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতাৰ নাম সম্ভাব্য প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে । ইয়াৰে মাজত পবিত্ৰ মাৰ্ঘেৰিটাই আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টিকট পাব পাৰে বুলি এক গুজব ওলাইছে। আনহাতে মিত্ৰজোঁট তথা বিটিআৰত শাসকীয় ইউপিপিএলৰ প্ৰাৰ্থী ৰৱংৱৰা নাৰ্জাৰীয়েও ৰাজ্যসভা নিৰ্বাচনৰ বাবে টিকট পোৱাৰ সম্পুৰ্ণ সম্ভাৱনা আছে।৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২১ মাৰ্চ । গতিকে মাজত আছে মাত্ৰ চাৰি দিন । এই সময়চোৱাৰ ভিতৰতে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব লাগিব ।
Comments