গুৱাহাটী, ১৭ মাৰ্চঃ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত মাহ জোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপনৰ বাবে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ এই দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জনসাধাৰণক জড়িত কৰি এলানি বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে৷
এই দিৱস পালনৰ অংশ হিচাপে ইতিমধ্যে, যোৱা ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিভাগৰ মহিলা বিষয়া-কৰ্মচাৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হয়৷
এই দিৱসত জিলাখনৰ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে৷
এই কাৰ্যসূচীৰ ভিতৰত আছে;
• মোবাইল ফটোগ্ৰাফী প্ৰতিযোগিতা: ইয়াৰ জৰিয়তে হাতত থকা মোবাইলটো ব্যৱহাৰ কৰিয়েই সহজতে নিজৰ জিলা দিৱস উদযাপনত অংশ গ্ৰহণ কৰাৰ বাবে জিলাখনৰ জনসাধাৰণক সুযোগ দিয়াৰ লগতে তেওঁলোকৰ সৃজনশীলতা প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বিচৰা হৈছে৷ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ অন্তিম দিন হৈছে অহা ২৪ মাৰ্চ। এই প্ৰতিযোগিতাত ভাগ ল’বৰ বাবে জিলাখনৰ ইচ্ছুক লোকসকলে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন ঐতিহ্যৰ চানেকিসমূহৰ ফটো তুলি সেই স্মৃতি চিহ্নৰ নাম, ঠাই আৰু ফটো দিয়া ব্যক্তিগৰাকীৰ নাম-ঠিকনা ৭০০২৭-০৭৭৫৬ নম্বৰত হোৱাটছ্ এপ কৰিব পাৰে৷
এই প্ৰতিযোগিতাৰ বাবে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সামৰিও আন এটা শাখা নিৰ্দ্ধাৰণ কৰা হৈছে৷ তেওঁলোকৰ বাবে বিষয় হৈছে জিলাখনৰ প্ৰাকৃতিক দৃশ্য৷ আনহাতে ৩১ মাৰ্চত সাংস্কৃতিক ঐতিহ্যৰে ভৰপূৰ জিলাখনৰ বৰ্ণিল সংস্কৃতি প্ৰদৰ্শন কৰি জিলাখনৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ’ব৷ ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা আৰু ৰচনা লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব৷
জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আন দুটি উল্লেখযোগ্য অনুষ্ঠান হৈছে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত জিলা উপায়ুক্তৰ বাৰ্তালাপ আৰু জিলাখনৰ পূৰ্বৰ উপায়ুক্তসকলৰ লগত বৰ্তমানৰ উপায়ুক্তৰ বাৰ্তালাপ৷ লগতে, জিলাখনৰ বিভিন্ন বিভাগৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ জিলা দিৱস উদ্যাপনৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে৷ তদুপৰি আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ লগতে প্ৰতিটো বিভাগৰ কাযাৰ্ৱলী আৰু সফলতা সম্পৰ্কীয় প্ৰদৰ্শনী আয়োজনৰো ব্যৱস্থা কৰা হৈছে৷
উল্লেখযোগ্য যে ২০০৩ বৰ্ষৰ ৩১ মাৰ্চত দ্বি-বিভক্ত জিলাখন 'কামৰূপ' নামেৰে অধিসূচীত কৰা হৈছে। সেয়ে এই দিনটোতেই জিলা দিৱস উদযাপনৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি উদযাপন কৰা জিলা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্য মণ্ডিত কৰাৰ লগতে প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সংযোগ অধিক সুদৃঢ় কৰিবৰ বাবে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে জিলাবাসীৰ প্ৰতি গোহাৰি জনাইছে৷
Comments