গুৱাহাটী, ১৫ মাৰ্চঃ চীনলৈ পুনৰ ভয়ানক অতীত ঘূৰি আহিছে।চীনত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ প্ৰকোপ৷শেহতীয়াকৈ চীনৰ কেইবাখনো নতুন চহৰত লকডাউন ঘোষণা কৰা হৈছে।চীনত দেওবাৰে ৩,৩৯৩ টা নতুন ক’ভিড-১৯ ৰোগী ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে৷ক’ৰনাই চীনৰ জিলিন প্ৰদেশত বৰ্তমান তীব্ৰ ৰূপ ধাৰণ কৰিছে।
ছি জিন পিঙৰ চৰকাৰে কৰ'নাৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনৰ ১০ খন চহৰত লকডাউন ঘোষণা কৰিছে।জিলিন প্ৰদেশৰ সৰু চহৰ চিপিং আৰু ডুনহুয়া বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে বন্ধ ঘোষণা কৰা হৈছিল।চীন কৰ্তৃপক্ষই জিলিন চহৰত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কাম চলাই আছে।
ছিনহুয়াৰ বাতৰি অনুসৰি, ৬,০০০ বিচনাৰে এই চিকিৎসালয়খন ছদিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।কৰ'না সংক্ৰমণ কেৱল চীনতে নহয়, ইউৰোপৰ বহুতো দেশত কৰ'না সংক্ৰমণ বৃদ্ধি পাইছে।অৱশ্যে,ভাৰতত কভিডৰ গ্ৰাফ এতিয়া যথেষ্ট নিয়ন্ত্ৰণত আছে।
Comments