গুৱাহাটী,১৫ মাৰ্চ:শুক্রবাৰে দৌল পূর্ণিমাৰ পিছতেই চাৰি ৰাজ্যৰ মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। উত্তৰ প্রদেশৰ আগন্তুক মুখ্যমন্ত্রী যোগী আদিত্যনাথে দিল্লীলৈ আহি দলীয় নেতৃত্বৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি উভতি যোৱাৰ পিছত চাৰি ৰাজ্যত বিধায়িনী দলৰ নেতা নির্বাচনত কেন্দ্রীয় পর্যবেক্ষক নিযুক্ত কৰিলে দলৰ সংসদীয় বোৰ্ডে।
ইয়াৰ মাজতে তাৎপর্যপূর্ণ কথাটো হ’ল, উত্তৰ প্রদেশত কেন্দ্রীয় পর্যবেক্ষক হিচাবে অমিত শ্বাহকে নিৰ্বাচন কৰিছে দলে।সোমবাৰে বিজেপিৰ সংসদীয় বোৰ্ডে উত্তৰ প্রদেশৰ বাবে অমিত শ্বাহ আৰু সহ-পর্যবেক্ষক হিচাবে ৰঘুবৰ দাসক নিৰ্বাচন কৰে। বিজেপি সূত্র মতে, উত্তৰ প্রদেশসহ চাৰি ৰাজ্যত বিধায়িনী দলৰ নেতা বাছিবলৈকে পর্যবেক্ষককেইজনক নিয়োগ কৰা হৈছে।
উল্লেখ্য, উত্তৰ প্রদেশত য’ত যোগী আদিত্যনাথৰ মুখ দেখুৱাই দলে নির্বাচনত অৱতীৰ্ণ হৈছিল, যোগীয়ে য’ত দলক দ্বিতীয়বাৰ জয়ৰ সোৱাদ দিছে, আনকি দ্বিতীয়বাৰ মুখ্যমন্ত্রী হিচাবে য’ত তেওঁৰ শপতগ্ৰহণৰ প্রস্তুতি আৰম্ভ হৈ গৈছে, গঠন হৈ গৈছে মন্ত্ৰীসভা, তাত অমিত শ্বাহৰ দৰে দলৰ শীৰ্ষ নেতাক উত্তৰ প্রদেশৰ বিধায়িনী দলৰ নেতা নির্বাচিত কৰাৰ দায়িত্ব কিয় দিয়া হ’ল সেই সন্দৰ্ভত প্রশ্ন উত্থাপন হৈছে!
Comments