গুৱাহাটী,১৬ মাৰ্চ:বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ১১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা বৰ্বৰতাৰ কাহিনী বৰ্ণনা কৰি অনুপম খেৰ অভিনীত ছবিখনে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে, কিন্তু এতিয়া লাহে লাহে বহুতো তাৰকাই ছবিখনৰ চৰিত্ৰসমূহ আৰু বিবেক অগ্নিহোত্ৰীৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰিছে। কংগনা ৰাণাৱত আৰু অক্ষয় কুমাৰৰ পিছত, অভিনেতা মুকেশ খান্নায়ো উক্ত ছবিখনক লৈ নিজৰ সমৰ্থন প্ৰকাশ কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সহিতে অসম বিধানসভাৰ অন্য সদস্য সকলে কালি সন্ধিয়া ৬ বজাত গুৱাহাটীস্থিত পিভিআৰ চিনেমা হ'লত এই চলচ্চিত্ৰ খন একেলগে উপভোগ কৰে।মূলতঃ কাশ্মীৰী পণ্ডিত সকলৰ সৈতে সহমৰ্মীতা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰাৰ বুলি উল্লেখ কৰে বিজেপি নেতৃত্বই।
চলচ্চিত্ৰ খন উপভোগ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টুইটাৰৰ মাধ্যমেৰে কয়,"কাশ্মীৰী পণ্ডিত গণহত্যা আৰু তেওঁলোকৰ প্ৰস্থান মানৱতাৰ ওপৰত এক কলঙ্ক।তেওঁলোকৰ দুৰ্দশাৰ হৃদয় বিহ্বল চিত্ৰায়নৰ দ্বাৰা আপ্লুত হৈছো,মই মোৰ কেবিনেট সহকৰ্মী আৰু বিজেপি অসম প্ৰদেশৰ লগতে অন্য দলৰ বিধায়কসকলৰ সৈতে চলচ্চিত্ৰ খন উপভোগ কৰিছিলোঁ। সত্যক দেখুওৱাৰ বাবে বিবেক অগ্নিহোত্ৰি ধন্যবাদৰ পাত্ৰ।মই ইয়াত এইটোও স্পষ্ট কৰিব বিচাৰো যে যিহেতু অসমত কোনো মনোৰঞ্জন কৰ নাই সেইবাবে ইয়াৰ কৰ ৰেহাইৰ কোনো অৰ্থ নাই।মই লগতে এই ঘোষণা কৰি আনন্দিত যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে চলচ্চিত্ৰখন চাবলৈ অৰ্ধ ছুটি লাভ কৰিব।তেওঁলোকে কেৱল তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক অৱগত কৰিব লাগিব আৰু পিছদিনা টিকট জমা দিব লাগিব।"
Comments