গুৱাহাটী, ১৬ মাৰ্চঃ বলীউড অভিনেতা শ্বাহৰুখ খান এনেকুৱা এজন ব্যক্তি, যিয়ে সদায়ে অটিটি জগতৰ পৰা দূৰত্ব বৰ্তাই ৰাখিছে। কিন্তু বৰ্তমান শ্বাহৰুখে এনে এক কাম কৰিবলৈ গৈ আছে, যিয়ে অ'টিটি জগতখনৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিব পাৰে। শ্বাহৰুখ খানে তেওঁৰ উপাৰ্জনৰ আন এক পথ মুকলি কৰিবলৈ গৈ আছে, যিয়ে অভিনেতাজনক আৰু বেছি ধনবান কৰি তুলিব।
অভিনেতা শ্বাহৰুখ খানে মঙলবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত তেওঁৰ অ'টিটি প্লেটফৰ্ম 'এছ আৰ কে+' (SRK+) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণা কৰি শ্বাহৰুখে তেওঁৰ টুইটত লিখিছে, 'কুছ কুছ হোতা হে হে, অ'টিটি কি দুনিয়া মে'। এই টুইটটোত শ্বাহৰুখে থাম্বছ আপ কৰা এখন ফটো আছে, য'ত তেওঁৰ অ'টিটি প্লেটফৰ্মৰ নামও লিখা আছে। ইয়াৰ লগতে, শ্বাহৰুখে তেওঁৰ অনুৰাগীসকলক কৈছে যে, "শীঘ্ৰেই এয়া সকলোৰে মাজত উপলব্ধ হ'ব।
শ্বাহৰুখ খানৰ অভিনয়ৰ দ্বাৰা মানুহ সদায় প্ৰভাৱিত হয় আৰু মানুহৰ মাজত তেওঁৰ জনপ্ৰিয়তা যিকোনো বলিউড তাৰকাতকৈ বেছি।
শ্বাহৰুখ, যাক সকলোৱে প্ৰেমৰ ৰজা বুলি অভিহিত কৰে, তেওঁৰ এই পদক্ষেপে অনুৰাগীসকলৰ আৰু হৃদয়ৰ ওচৰলৈ লৈ যাব।
তেওঁৰ অনুৰাগীসকল এই ঘোষণাত বহুত সুখী আৰু ইয়াৰ আৰম্ভণিৰ বাবে অপেক্ষা কৰি আছে। শ্বাহৰুখৰ এই নতুন পদক্ষেপত তেওঁৰ বন্ধু ছলমান খানেও অভিনন্দন জনাইছে। ছলমানে শ্বাহৰুখক অভিনন্দন জনাই টুইটত লিখিছে, "আজিৰ পাৰ্টি মোৰ ফালৰ পৰা হ'ব। নতুন অ'টিটি এপ্পৰ বাবে অভিনন্দন।"
Comments