গুৱাহাটী,২২ মাৰ্চ:বৰপেটাৰ ঐতিহ্যমণ্ডিত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাৱী ছাত্র - ছাত্রীয়ে ঈশান উদয় বৃত্তি আৰু সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন লাভ কৰাত অনিশ্চয়তা আহি পৰিছে । ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ জৰিয়তে মেধাৰ ভিত্তিত স্নাতক পাঠ্যক্ৰমৰ দুখীয়া ছাত্র ছাত্ৰীক প্ৰদান কৰে ঈশান উদয় বৃত্তিৰ লগতে সংখ্যালঘু ছাত্র বৃত্তি । বৃত্তিৰ এই ধন মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাবী ছাত্র - ছাত্রীসকলে পাবনে নাই তাক লৈ চিন্তিত হৈছে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকল । কিয়নো , বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্টেলত মাধৱ চৌধুৰী মহাবিদ্যালয়ক ভুৱা শিক্ষানুষ্ঠান বুলি দেখুওৱা হৈছে ।
উল্লেখ্য যে অইন মহাবিদ্যালয়ৰ লগতে মাধৱ চৌধুৰী মহাবিদ্যালয়ত অধ্যয়নৰত স্নাতক প্রথম যান্মাসিকৰ মেধাৱী শিক্ষার্থীসকলেও ঈশান উদয় বৃত্তি আৰু সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে অনলাইন যোগে আবেদন কৰে । এই আবেদন মহাবিদ্যায় খনৰ পৰা স্বীকৃতি দিয়ে । কিন্তু অনলাইন যোগে আবেদন কৰা মহাবিদ্যালয় খনৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্টেলত মাধৱ চৌধুৰী মহাবিদ্যালয়ক ভুৱা শিক্ষানুষ্ঠান বুলি দেখুৱাইছে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ ' নেচনেল স্ক'লাৰশ্বিপ পৰ্টেল'ত মাধৱ চৌধুৰী মহাবিদ্যালয়ক ভুৱা শিক্ষানুষ্ঠান বুলি দেখুওৱাত হতভম্ব হৈ পৰিছে মহাবিদ্যালয়খনৰ মেধারী ছাত্র - ছাত্রীসকল । মহাবিদ্যালয়খনক ভুৱা শিক্ষানুষ্ঠান বুলি উল্লেখ কৰাত বৃত্তিৰ বাবে আবেদন কৰা মেধাৱী শিক্ষার্থীসকলে এতিয়া ঈশান উদয় বৃত্তি আৰু সংখ্যালঘু ছাত্র বৃত্তিৰ ধন লাভ কৰেনে নাই তাক লৈ চিন্তিত হৈছে মেধাবী ছাত্র - ছাত্রীসকল।
আনহাতে , মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনায় যে এই বিষয়টোৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ তৰফৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগক অৱগত কৰোৱা হৈছে । কাৰ ভুলৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্টেলত ঐতিহ্যমণ্ডিত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ক ভুৱা শিক্ষানুষ্ঠান হিচাপে অভিহিত কৰিলে তাক লৈ এতিয়া প্রশ্ন উত্থাপিত হৈছে । ঈশান উদয় বৃত্তি আৰু সংখ্যালঘু ছাত্র বৃত্তিৰ পৰা যাতে মহাবিদ্যালয়খনৰ শিক্ষার্থীসকল বঞ্চিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে মহাবিদ্যালয়খনৰ মেধাৱী ছাত্ৰ - ছাত্ৰীসকলে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে জানিব পৰা যাব । স্মর্তব্য যে বিগত বৰ্ষত ঈশান উদয় বৃত্তি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত মাধব চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
Comments