গুৱাহাটী,২০ মাৰ্চ:ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুন বৰাক মনোনীত কৰা হৈছে ।
২ এপ্ৰিলত সাংসদ ৰিপুন বৰাৰ কাৰ্যকালৰ অন্ত পৰিব । ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা ৰিপুন বৰাই আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেওঁৰ গুৱাহাটীস্থ বাসগৃহত সাক্ষাৎ কৰে।
সাক্ষাৎকালত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলী চৌধুৰী উপস্থিত আছিল। সাক্ষাৎকালত তেওঁলোকে ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, এজন শক্তিশালী বক্তা হিচাপে অসমীয়া ৰাইজৰ কণ্ঠৰূপে আমি ৰিপুণ বৰাক প্ৰক্ষেপ কৰিছোঁ । ভুল বুজাবজি সকলোৰে থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে, সেয়া ঠিক কৰি আমি আগুৱাই যাব লাগিব । ৪৪ টা ভোট লাভ কৰি আমি জয়ী হ’ম বুলি তেওঁ কয় ।
Comments