গুৱাহাটী,২০ মাৰ্চ:সুদীৰ্ঘ সময়ৰ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত এনে নজিৰ নাছিল । ৰাজ্যসভাত কেতিয়াও অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূন্য হোৱা নাছিল । কিন্তু এইবাৰ হয়তো হ'ব৷ ৰাজ্যসভাত থকা অসমৰ আসন কেইখনৰ এখনতো হয়তো নাথাকিব পাৰে কংগ্ৰেছৰ সাংসদ ।আজিৰ তাৰিখত ৰাজ্যসভাত অসমৰ দুগৰাকীয়েই সাংসদ আছে । ৰিপুণ বৰা আৰু ৰাণী নৰহ । দুয়োৰে কাৰ্যকাল ২ এপ্ৰিলত শেষ হ'ব । খালী হ'বলগীয়া এই আসন দুখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৩১ মাৰ্চত।বিজেপিয়ে সংখ্যাৰ ফালৰ পৰা ইয়াৰে এখনহে আসন লাভ কৰাটো সম্ভৱ । কিন্তু কংগ্ৰেছৰ আভ্যন্তৰত চলি থকা খিয়লা-খিয়লি আৰু শীতল গৃহযুদ্ধৰ পূৰ্ণ সুযোগ ল'বলৈ সাজু আগ্ৰাসী বিজেপি ।
যাৰ বাবে প্ৰতিনিয়ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই সজোৰে দাবী কৰি আহিছে যে কংগ্ৰেছ বা বিৰোধীয়ে কুচকাৱাজ যিমানেই নকৰক কিয়, দ্বিতীয়খন আসন নাপায় । সেইখন আসনো বিজেপিয়ে নিজৰ দখললৈ আনিব ।যদি বিজেপিৰ এই দাবী বাস্তৱায়িত হয় আৰু হোৱাৰ সম্ভাৱনাই বেছি তেন্তে ৰাজ্যসভাৰ সংসদীয় ৰাজনীতিত ঘটিব পূৰ্বতে কেতিয়াও নঘটা সেই ঘটনা । ৰাজ্যসভাত অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূন্য হ'ব । ৰাণী নৰহ আৰু ৰিপুণ বৰাই হয়তো হ'ব ৰাজ্যসভাত অন্তিম অসমৰ পৰা যোৱা কংগ্ৰেছৰ প্ৰতিনিধি ।
Comments