গুৱাহাটী,২০ মাৰ্চ: ভাৰতত অৱস্থিত এখন অতি বিলাসী হোটেল বিশ্বৰ আটাইতকৈ ব্যয়বহুল হোটেলবোৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সকলোৱে জানি আচৰিত হ'ব যে ৰাজস্থানৰ এই "ৰাজ পেলেচ" হোটেলখত অতিথিসকলক ৰূপৰ বিচনাত ৰাতিটো কটোৱাৰ সুযোগ দিয়া হয়। ইয়াৰ লগতে, অতিথিয়ে সোণৰ প্লেটত খাদ্য খোৱাৰ সুযোগ লাভ কৰিব পাৰে। এই হোটেলখন ৰাজস্থানৰ জয়পুৰত অৱস্থিত। ইয়াক এছিয়াৰ আটাইতকৈ ব্যয়বহুল হোটেল বুলি গণ্য কৰা হয়।
এই হোটেলখনৰ বিশেষত্ব সমূহ হ'লঃ
১. বাথৰুমত লগোৱা আছে সোণৰ টেপ
এই বিলাসী হোটেলখনৰ আশ্চৰ্যজনক কথাটো হ'ল যে, ইয়াৰ বাথৰুমৰ পানী ওলোৱা টেপটো সোণেৰে আবৃত।
২. ৰূপৰ বিচনা
এই হোটেলখনৰ আন এটা বিশেষত্ব হ'ল যে ইয়াত অতিথিসকলক ৰূপৰ বিচনাত নিশা শুবলৈ দিয়া হয়। হোটেলখনৰ সকলো কোঠাই একো একোটা বিলাসী কোঠা।
৩. এনিশাত এটা কোঠালিৰ ভাড়া লাখ টকা পৰ্যন্ত
সকলোৱে জানি আচৰিত হ'ব যে এই হোটেলখনৰ এটা বিশেষ ৰাজকীয় কোঠাৰ এদিনৰ ভাড়া হৈছে ১৮ লাখ টকা। য'ত অতিথিসকলক সোণৰ প্লেটত বিশেষ ব্যঞ্জন সজাই পৰিৱেশন কৰা হয়।
৪. ৭৮ টা বিলাসী কোঠা
এই হোটেলখনত ৭৮ টা বিলাসী কোঠা আছে। এই কোঠাবোৰ ব্যয়বহুল তথা সুন্দৰ মাৰ্বলৰে সজোৱা হৈছে। ৰাজ পেলেচ হোটেলে ২০০৭ চনত 'ৰাষ্ট্ৰীয় পৰ্যটন বঁটা' শ্ৰেণীৰ শ্ৰেষ্ঠ ঐতিহ্যময় হোটেলৰ বঁটা লাভ কৰিছে।
৫. অক্ষয় কুমাৰ আৰু অমিতাভ বচ্চনে কৰিছিল দৃশ্যগ্ৰহণ
ভাৰতীয় চিনেমা জগতৰ মহানায়ক অমিতাভ বচ্চনে তেওঁৰ ব'ল বচ্চন ছবিখন এই হোটেলৰ ভিতৰত দৃশ্যগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, অক্ষয় কুমাৰে এই হোটেলখনত বহু দৃশ্যগ্ৰহণ কৰিছে। টিভি ধাৰাবাহিক ৰতন কা স্বয়ম্বৰ আৰু ঝান্সি কি ৰাণীৰ দৃশ্যগ্ৰহণো এই হোটেলখনত কৰা হৈছে।
Comments