গুৱাহাটী, ২৪ মাৰ্চঃ বহু বছৰ ধৰি বলীউডত অভিনয় দক্ষতা প্ৰদৰ্শন কৰা অভিনেতা সঞ্জয় দত্ত তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰসমূহত ব্যস্ত হৈ আছে। সঞ্জয় দত্তৰ নাম চিনেমাৰ সেই তাৰকাসকলৰ মাজৰ এজন, যাৰ জীৱন এখন মুকলি কিতাপৰ দৰে। ইয়াৰ পিছতো সঞ্জয়ৰ এনে এটা গোপনীয়তা আছে, যাৰ বিষয়ে শুনিলে তেওঁৰ অনুৰাগীসকল হতবাক হৈ পৰিব পাৰে। খুব কম মানুহে জানিব যে সঞ্জয় দত্তই তেওঁৰ নিজৰ পত্নীক হত্যা কৰিছে।
বিশেষ সূত্ৰৰ পৰা জানিব পোৱা অনুসৰি, বহু বছৰ আগতে, সঞ্জয় দত্ত কৰণ জোহৰৰ বিখ্যাত চেট শ্ব' 'কফি উইথ কৰণ'ত সুস্মিতা সেনৰ সৈতে অতিথি হিচাপে গৈছিল। এই অনুষ্ঠানত, সঞ্জয় দত্তই তেওঁৰ ৰহস্য উন্মোচন কৰে। অভিনেতাজনে অনুষ্ঠানটোত কৈছে, "বহু বছৰ আগতে মই মাদ্ৰাজৰ শিৱনাৰীত এজন জ্যোতিষীৰ ওচৰলৈ যাওঁ।"
"তেতিয়া মোক গাওঁখনত কোনেও চিনি পোৱা নাছিল। তাত আমি আমাৰ ঠিকনাটো কোনোমতে বিচাৰি পাওঁ, য'ত মোৰ জন্মসম্পৰ্কীয় সকলো বিৱৰণ আছে বুলি জানিব পাৰো।"
"মোৰ নামৰ ঠিকনাটো বিচাৰি মোক এজন জ্যোতিষীয়ে ক'লে, আপোনাৰ দেউতাৰ নাম বলৰাজ দত্ত। তেতিয়া মই কলো নহয়, সুনীল দত্ত। ইয়াৰ পিছত জ্যোতিষীজনে কয়, আপোনাৰ মাতৃৰ নাম ফাতিমা হুছেইন। মই তেতিয়া আৰু আচৰিত হৈ পৰো, কাৰণ ইয়াৰ বিষয়ে মই একোৱে নাজানো।"
সঞ্জয় দত্তই আৰু কৈছে যে, "জ্যোতিষীয়ে মোক পূৰ্বজন্মৰ এনেকুৱা কিছুমান কথা কৈছে, যাৰ বিষয়ে শুনি মই আচৰিত হৈ পৰিছোঁ। জ্যোতিষীয়ে মোক কৈছে যে, মই অশোকৰ বংশৰ এজন শিৱ ভক্ত ৰজা। মোৰ প্ৰেমিকা তথা পত্নীৰ মোৰ মন্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক আছিল। মোৰ পত্নীয়ে মোক যুদ্ধলৈ পঠিয়াইছিল।"
"মোৰ পত্নীয়ে বিচাৰিছিল যে মই যুদ্ধত মৰিম। কিন্তু মই তাত সকলোকে হত্যা কৰিবলৈ সক্ষম হওঁ। তাৰ পিছত মই মোৰ পত্নী আৰু মন্ত্ৰীক হত্যা কৰোঁ আৰু পিছত মই অৰণ্যলৈ গুচি যাও য'ত মই একো খাবলৈ নাপাই বহুদিন ভোকত থকাৰ পিছত মৃত্যুবৰণ কৰোঁ। জ্যোতিষীজনে মোক আৰু কৈছে যে, মোৰ জীৱনত বহুতো সমস্যা আছে কাৰণ মই মোৰ আগৰ জীৱনত বহুলোকক হত্যা কৰিছোঁ।"
Comments