তিনিচুকীয়া: ২২ মাৰ্চ: সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত তিনিচুকীয়া জিলা সমিতি আৰু মটক মহিলা কোষৰ সহযোগত শতাধিক ৰাইজৰ উপস্থিতিত মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তি চিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধন কৰাৰ দাবীত আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া মানৱ শৃংখল কাৰ্যসচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ কাৰীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ' বেক, ন' এছটি ন'ৰেষ্ট, ইত্যাদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে ।প্ৰতিবাদস্থলিত মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,উপ সভাপতি নিযুত বৰা,সহ সম্পাদক অনন্ত বৰুৱা,শিক্ষা ও প্ৰযুক্তি সম্পাদক নয়নমণি ফুকণ,মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি,তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি,গোৰখা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰবী ছেত্ৰী,অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলাৰ সভাপতি প্ৰাঞ্জল নেওগ, চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ মুখ্য উপদেষ্টা ৰতন বড়া আদি উপস্থিত আছিল।কাৰ্যসূচীৰ অন্তত তিনিচুকীয়া জিলা উপাযুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Comments