গুৱাহাটী, ২৩ মাৰ্চঃ ৰেষ্টুৰেণ্টত, এজন ব্যক্তিয়ে নিশা আহাৰ গ্ৰহণ কৰিবলৈ গৈ এনে এটা বস্তু পাহৰি আহে, যি সাধাৰণতে কোনেও পাহৰি যাব নোৱাৰে। মূল ঘটনা অনুসৰি, ব্ৰিটেইনৰ এখন ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খাবলৈ অহা কিছুসংখ্যক গ্ৰাহকৰ এজনে এবিধ মূল্যৱান সামগ্ৰী পাহৰি গৈছে।
পিছদিনা ৰেষ্টুৰেণ্টখন পৰিষ্কাৰ কৰাৰ সময়ত, কৰ্মচাৰীয়ে এযোৰ সম্পূৰ্ণ লগাই লোৱা নকল দাঁত মজিয়াত পৰি থকা দেখিবলৈ পাই, যাক দেখি কৰ্মচাৰীজনে হতভম্ব হৈ পৰে। অৱশ্যে, কৰ্মচাৰীজনে ইয়াক সুৰক্ষিত স্থানত ৰাখে আৰু ৰেষ্টুৰেণ্টখনৰ মেনেজাৰক উক্ত বিষয় সন্দৰ্ভত অৱগত কৰে।
ব্ৰিটিছ ৰেষ্টুৰেণ্টত 'লষ্ট এণ্ড ফাউণ্ড প্ৰপাৰ্টি'ৰ চোৱাচিতা কৰা কৰ্মচাৰীসকলে এতিয়া ৰেষ্টুৰেণ্টত অহা সেই দাঁতৰ মালিকক বিচাৰি আছে।
বাতৰি অনুসৰি, এই বিষয়টো ইংলেণ্ডৰ ওল্ডহামৰ ৰয়টনত অৱস্থিত বাৰ্কেলি পিজ্জা এণ্ড প্ৰচেক'কত সংঘটিত হৈছে। উক্ত বিষয় সন্দৰ্ভত প্ৰশাসনে কৈছে যে, "কৰ্মচাৰীজনে পুৱা ৰেষ্টুৰেণ্টখন পৰিষ্কাৰ কৰি থাকোতে নিশা আহাৰ গ্ৰহণ কৰিব অহা মানুহজনৰ খোৱা ঠাইত মজিয়াত এযোৰ সম্পূৰ্ণ নকল দাঁত পাইছে।"
Comments