Cartoon
View Older
গুৱাহাটী,২৩ মাৰ্চ:বুধবাৰে পুৱতি নিশা হাইদৰাবাদৰ চেকেন্দ্ৰাবাদৰ এখন কাঠ আৰু স্ক্ৰেপৰ দোকানত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত বিহাৰৰ এঘাৰজন শ্ৰমিক জ্বলি মৃত্যুমুখত পৰে।ঘটনাটো চেকেন্দ্ৰাবাদৰ ভইগুড়া অঞ্চলৰ আইডিএইচ কলনিৰ এখন দোকানত পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত হৈছিল।আৰক্ষীয়ে জনোৱা অনুসৰি এজন ব্যক্তি জুইৰ পৰা জঁপিয়াই আহিবলৈ সক্ষম হৈছিল আৰু ততাতৈয়াকৈ তেওঁক গান্ধী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
আটাইকেইজন ভুক্তভোগী বিহাৰৰ পৰা অহা প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল আৰু জুই লগাৰ সময়ত শুই আছিল।পাঁচখন অগ্নি নিৰ্বাপক গাড়ীৰ সহায়ত এই জুই নুমুৱাই পেলোৱা হৈছিল।প্ৰাথমিক পৰ্য্যায়ত শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই লাগিছিল বুলি সন্দেহ কৰা গৈছে আৰু মৃতদেহবোৰ গান্ধী চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল।
Comments