গুৱাহাটী,২৮ মাৰ্চ:মৌলবাদী শক্তিৰ স’তে নিৰন্তৰ সংঘৰ্ষ অব্যাহত ৰাখিছে মালালা ইউছুফজাইৰৰ । সম্প্ৰতি আফগানিস্তানে তালিবান আগ্ৰাসনৰ ওপৰতো উদ্বিগ্ন মালালে । বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিছে মালালাই।
শান্তিৰ নবেল বঁটা বিজয়ী মালালা ইউছুফজাই বিশ্বাস কৰে যে আফগানিস্তানত মহিলাৰ শিক্ষাৰ ওপৰত তালিবানৰ নিষেধাজ্ঞা বেছি দিন স্থায়ী নহ’ব। তেওঁ কয় যে আফগান মহিলাসকলে এতিয়া সকলো জানে।যোৱা সপ্তাহত, মাধ্যমিক ছোৱালীৰ বিদ্যালয় খোলাৰ কিছুসময়ৰ পাছতে বিদ্যালয়সমূহ বন্ধ কৰাৰ ঘোষণা কৰে তালিবান চৰকাৰে। ইয়াৰ প্ৰতিবাদত, স্কুলীয়া ছাত্ৰী আৰু মহিলাসকলে কাবুলৰ শিক্ষা মন্ত্ৰালয়ৰ বাহিৰত প্ৰদৰ্শন কৰে।
শনিবাৰে কাটাৰৰ দোহা ফ’ৰামত ভাষণ দি মালালাই কয়,”মই ভাবো ১৯৯৬ চনত তালিবানৰ বাবে মহিলাৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো তুলনামূলকভাৱে সহজ আছিল।কিন্তু এই সময়ত এইটো কঠিন। কিয়নো মহিলাসকলে শিক্ষিত হোৱাৰ অৰ্থ কি, সশক্তিকৰণৰ অৰ্থ কি সেয়া দেখিছে। ফলস্বৰূপে, এই সময়ত তালিবানৰ বাবে মহিলাৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা ৰখাটো কঠিন হ’ব। সেয়েহে, এই নিষেধাজ্ঞা স্থায়ী নহ’ব।'
Comments