Cartoon
View Older
গুৱাহাটী,২৮ মাৰ্চ:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় যুৱ নেতৃত্ব সমাৰোহ, ২০২২।অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী।অনুষ্ঠানত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
শৰ্মাই কয়-টেটত চাকৰি পোৱাতকৈ ৰিলায়েন্সত চাকৰি পোৱাটো বেছি গৌৰৱৰ কথা।লগতে দৰমহাৰ প্ৰাসংগিকতা আনি তেওঁ কয় যে, টেটৰ শিক্ষকতকৈ ৰিলায়েন্সৰ কৰ্মচাৰীৰ দৰমহা ভাল।মই টেটত চাকৰি পোৱা সকলক অৱসৰৰ সময়লৈকে ৫০ হাজাৰতকৈ বেছি দিব নোৱাৰোঁ কিন্তু ৰিলায়েঞ্চত চাকৰি কৰিলে চাকৰি জীৱনৰ আৰম্ভণীৰ পৰায়ে মাহিলী ৫০ হাজাৰ পোৱাৰ সম্ভাৱনা আছে।
Comments