গুৱাহাটী, ২৫ মাৰ্চঃ আমেৰিকাত পুটিনৰ হঠাতে হৃদৰোগ হৈছে। ইয়াৰ পিছত চিকিৎসকসকলে তেওঁক বহুত বচাবলৈ চেষ্টা কৰে যদিও সফল হ'ব নোৱাৰিলে। অৱশেষত পুটিনৰ মৃত্যু হয়। পুটিন নামটো শুনি আচৰিত নহ'ব, মিনেচ'টা চিৰিয়াখানাত বাস কৰা পুটিন নামৰ এটা বাঘৰহে মৃত্যু হৈছে।
বাতৰি অনুসৰি, মিনেচ'টা চিৰিয়াখানায়ে কৈছে যে, "পুটিন নামৰ বাঘটোৰ বয়স ১২ বছৰ আছিল। তাক ২০১৫ চনত মিনেচ'টা চিৰিয়াখানালৈ অনা হয়। বাঘটোৰ জন্ম ২০০৯ চনত চেক গণৰাজ্যত হয়। জন্মৰ পিছত, বাঘটোৰ নাম পুটিন দিয়া হৈছে। ইয়াৰ পিছত বাঘটোৱে ডেনমাৰ্কৰ এখন চিৰিয়াখানাত ৬ বছৰ অতিবাহিত কৰে, তাৰ পিছত তাক মিনেচ'টা চিৰিয়াখানালৈ অনা হয়। অৱশ্যে, পশু চিকিৎসক, পশু স্বাস্থ্য প্ৰযুক্তিবিদসকলৰ সকলো প্ৰচেষ্টা স্বত্বেও পুটিন নামৰ বাঘটোক বচাব পৰা নগ'ল।"
চিৰিয়াখানা কৰ্তৃপক্ষই বিবৃতিত কৈছে যে, "চিৰিয়াখানাখনত কৰ্মচাৰীসকলে যোৱা বহু বছৰ ধৰি বাঘটোৰ যত্ন লৈ আছে। এই সময়ছোৱাত, মিনেচ'টা চিৰিয়াখানাত ৪৪ টা বাঘৰ জন্ম হৈছে।"
চিৰিয়াখানাৰ সঞ্চালক জন ফ্ৰাৱলীয়ে কৈছে যে, "পুটিনৰ মৃত্যুৰ দিনটো আমাৰ সকলোৰে বাবে এটা কঠিন দিন। এনে পৰিস্থিতিত, আমি কিছু সময়ৰ বাবে শোক প্ৰকাশ কৰিম।
চিৰিয়াখানা কৰ্তৃপক্ষই শেষত কৈছে যে, "এতিয়া পুটিনৰ পৰিয়ালৰ সংখ্যা বহুত বৃদ্ধি পাইছে। ২০১৭ চনত, বাঘটোৰ মিনেচ'টা চিৰিয়াখানাত কেইবাটাও“ পোৱালীৰ জন্ম হয়।
চিৰিয়াখানাৰ পশু যত্ন, স্বাস্থ্য আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড০ টেইলৰ য়াৱে এক বিবৃতিত কয় যে, "পুটিনৰ স্বাস্থ্য পৰীক্ষা এক নিয়মীয়া প্ৰক্ৰিয়াৰে সম্পন্ন হৈছে, যি বাঘৰ যত্ন আৰু সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা হৈছে আৰু দলটোৱে পুটিনক বচাবলৈ যিমান পাৰে সকলোখিনি কৰিছে।"
Comments