বোকাখাত, ২৬ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গননাৰ বিভাগীয় কাৰ্যসুচী ৷ আজি পুৱা ৬ বজাৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিন পাৰৰ মুঠ ৪৮ টা পুৰ্ব নিৰ্ধাৰিত কম্পাৰ্মেন্টত গননাকাৰীয়ে গঁড় গননা কৰে ৷ এই গননা কাৰ্যত বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপৰিও আমন্ত্ৰিত অভিজ্ঞ ব্যক্তি আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বনকৰ্মীয়েও অংশ গ্ৰহন কৰে ৷
গঁড় গননাৰ প্ৰতিটো কম্পাৰ্টমেন্টতে বিভাগীয় হাতী আৰু মাউতকলৈ মুঠ চাৰি জনীয়া এটা দল নিয়োগ কৰা হৈছে ৷ গননাকাৰী সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা গননাৰ সামগ্ৰীৰ লগতে বাইন'কুলাৰ আৰু জিপিএচৰো যোগান ধৰা হৈছে ৷
কাজিৰঙা, বোকাখাত, কলিয়াবৰ আৰু গুৱাহাটীৰ পৰা অহা ৪৬ গৰাকী সাংবাদিকেও এই গননা কাৰ্যত অংশ গ্ৰহন কৰে ৷ ২৫ মাৰ্চৰ বিয়লিলৈ কহঁৰাৰ পৰমানন্দ লাহন প্ৰক্ষেগৃহত আয়োজিত গঁড় গননাৰ প্ৰশিক্ষণত বন্তি প্ৰজ্বলন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ১৪ সংখ্যক গঁড় গননাৰ কাৰ্যসুচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নৱ নিযুক্ত সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷
অনুষ্ঠানত ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে আদৰণী ভাষণ দিয়াৰ উপৰিও অৱসৰ প্ৰাপ্ত বন বিষয়া ভুপেন্দ্ৰ নাথ তালুকদাৰ আৰু কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই গননাকাৰী সকলক গননা কাৰ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ আৰু অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব ড৹ আনোৱাদ্দিন চৌধুৰীও উপস্থিত থাকে ৷
আজি পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰথম দিনৰ গননা কাৰ্য দুপৰীয়ালৈ সামৰণী পৰে ৷ ২৭ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ডিফলু নদীৰ উত্তৰ পাৰৰ মুঠ ৩৬ টা কম্পাৰ্টমেন্টত গননা কাৰ্য চলোৱা হ'ব বুলি জানিবলৈ দিছে গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ৷ এই ৩৬ টা কম্পাৰ্টমেন্টৰ ৮ টা বিশ্বনাথ বন সংমণ্ডলৰ বুলিও তেওঁ লগতে জনায় ৷
Comments