গুৱাহাটী,২৯ মাৰ্চ: অইলৰ চি এচ আৰ উদ্যোগৰ অধীনত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জন্মগতভাৱে ওঁঠৰ বিকৃতি থকা শিশুসকলক সহায়ৰ অৰ্থে অইল ইণ্ডিয়া লিমিটেডে মিচন স্মাইলৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ প্ৰদান কৰে । ২৮ মাৰ্চ, ২০২২ তাৰিখে সম্পন্ন হোৱা উক্ত বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ প্ৰদান কৰে অইল মেডিকেল সেৱাৰ মুখ্য মহা প্ৰৱন্ধক ডা০ শান্তনু বৈশ্য আৰু মিচন স্মাইলৰ মেডিকেল সঞ্চালক ডা০ হিতেশ্বৰ শৰ্মাই য’ত উপস্থিত থাকে অইলৰ আৱাসিক মুখ্য বিষয়া শ্ৰীযুত প্ৰশান্ত বৰকাকতি, উত্তৰ-পূৱ ভাৰতৰ ইজৰাইলৰ সন্মানীয় কনচাল আৰু মিচন স্মাইলৰ ন্যাসৰক্ষী ড০ জয়শ্ৰী দাস বাৰ্মা আৰু দুয়োখন প্ৰতিষ্ঠানৰ অন্যান্য বিষয়াসকল ।
এই চুক্তি অনুসৰি এই দুয়োখন জিলাৰ ক্লেফ্ট লিপ থকা শিশুসকলক কাউনচেলিং কৰা হ’ব আৰু সম্পূৰ্ণ চিকিৎসাৰ বাবে মিচন স্মাইলচ গুৱাহাটী কম্প্ৰিহেনচিভ ক্লেফ্ট কেয়াৰ চেন্টাৰলৈ নিয়া হ’ব ।
অইলৰ আৱাসিক মুখ্য বিষয়া শ্ৰীযুত প্ৰশান্ত বৰকাকতিয়ে তেখেতৰ বক্তব্যৰ জৰিয়তে চি এচ আৰ উদ্যোগৰ পৰিসৰৰ অধীনত ওঁঠৰ বিকৃতি ৰোগত আক্ৰান্ত শিশুসকলৰ জীৱনত তাৎপৰ্যপূৰ্ণ প্ৰভাৱ অনাৰ ক্ষেত্ৰত কোম্পানীৰ অংগীকাৰৰ বিষয়ে ব্যক্ত কৰে ।অইল আৰু মিচন স্মাইলৰ যৌথ সহযোগিতাৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰি মিচন স্মাইলৰ মুখ্য পৰিচালন বিষয়া মিষ্টাৰ কনৰেড ডেনিচে এক অফিচিয়েল বিবৃতিত কয় “উত্তৰ-পূৱক ক্লেফ্ট ফ্ৰী কৰাৰ আমাৰ যি উদ্দেশ্য সেই ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে হাত মিলোৱাতো আমাৰ সৌভাগ্য । অইল ইণ্ডিয়া লিমিটেডৰ দৰে প্ৰতিষ্ঠানৰ এনে সহযোগিতাই এই শিশুসকলক এক নতুন জীৱন প্ৰদান কৰিব আৰু তেওঁলোকৰ ভৱিষ্যৎ সলনি কৰিব । আমি অইল ইণ্ডিয়াক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এক দীৰ্ঘস্থায়ী সহযোগিতা কামনা কৰিছোঁ ।“এই দুখন জিলাৰ পৰা ক্লেফ্ট লিপ থকা শিশু চিনাক্তকৰণৰ বাবে অহা মাহৰ পৰা মিচন স্মাইলে সজাগতা শিবিৰ আৰু আৰ বি এচ কে আৰু নেচনেল হেল্থ মিচনৰ সহযোগিতাত প্ৰি-স্ক্ৰীনিং শিবিৰৰ আয়োজন কৰিব ।
Comments