সোণাৰি, ২৮ মাৰ্চ: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়।
বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ যেনে- স্বাস্থ্য, কৃষি, শিক্ষা, পশুপালন আৰু পশু চিকিৎসা, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ (গৃহ আৰু পথ), মীন, বন, শক্তি, সমাজ কল্যাণ, উদ্যোগ আৰু বাণিজ্য, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জলসিঞ্চন, ৰেচম, জিলা পৰিষদ, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদিৰ অন্তৰ্গত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷
বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায়৷ বিভাগীয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেনেক্ষেত্ৰত এই সম্পৰ্কে জিলা প্ৰশাসনক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়। এই সমস্যাসমূহ সমাধানৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।
উপায়ুক্ত গৰাকীয়ে বিভাগীয় আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নাথাকে তথা আঁচনি সমূহৰ গুণগত মানদণ্ড যাতে উন্নত থাকে তাৰ প্ৰতি বিভাগীয় বিষয়া সকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।
বৈঠকত উপায়ুক্ত গৰাকীয়ে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত প্ৰদান কৰা ৰেচন কাৰ্ড সমূহ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত জবকাৰ্ডধাৰী হিতাধিকাৰী সকলৰ জবকাৰ্ড সমূহো আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰা প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ কয়।
জিলাখনত যাতে কোনো শিশু পুষ্টিহীনতাৰ স্বীকাৰ হ'বলগীয়া নহয় তাৰ বাবে বিভাগীয় পদক্ষেপসমূহ গুৰুত্ব সহকাৰে অব্যাহত ৰাখিবলৈ উপায়ুক্ত গৰাকীয়ে জিলা সমাজ কল্যাণ বিভাগক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, বৈঠকত উপায়ুক্ত গৰাকীয়ে অসম চৰকাৰৰ অভিলাসী আঁচনি "অসম মালা"ৰ অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে পৰ্যালোচনা কৰে।
জিলাখনৰ বিপদসংকুল বাট-পথ সমূহৰ সামগ্ৰিক জৰীপ কৰি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত এই সমূহ সোনকালে মেৰামতি কৰাৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও উপায়ুক্ত গৰাকীয়ে লোকনিৰ্মান (পথ) বিভাগক নিৰ্দেশ দিয়ে।
বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনত অব্যাহত থকা ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কেও বুজ লয়।
চলিত বিত্তীয় বৰ্ষত আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ বাবে উপায়ুক্ত বৰুৱাই বিভাগীয় বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী বিত্তীয় বৰ্ষত পূৰ্বতকৈও বেছি উদ্যম, একাগ্ৰতা আৰু সক্ৰিয়তাৰে কাম কৰি যাবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।
বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়া, মহকুমাধিপতি (সদৰ) প্ৰাঞ্জল প্রতিম কোঁৱৰ, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী আৰু সমুজ্জ্বল বড়াকে আদি কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
Comments