গুৱাহাটী, ২৯ মাৰ্চঃ ইছলামৰ পবিত্ৰ মাহ ৰমজান আৰম্ভ হোৱাৰ সময় সমাগত। চৌদি আৰৱত এই সময়ত ইমান বেছি মূল্যত এটা উট বিক্ৰী কৰা হৈছে যে শুনাজন আচৰিত হৈ পৰিব। কিয়নো, ইয়াক পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল উট বুলি কোৱা হৈছে। সকলোৱে জানি আচৰিত হ'ব যে ৭ মিলিয়ন চৌদি ৰিয়াল অৰ্থাৎ এই উটটো প্ৰায় ১৪ কোটি ২৩ লাখ টকাত নিলাম কৰা হৈছে।
বিশেষ প্ৰতিবেদন অনুসৰি, চৌদি আৰৱত এই উটটোৰ বাবে ৰাজহুৱা নিলামৰ আয়োজন কৰা হয়। নিলামৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছে। ইয়াত, পৰম্পৰাগত পোছাক পিন্ধা এজন ব্যক্তিক মাইক্ৰ'ফোনৰ জৰিয়তে নিলামত প্ৰস্তাৱ আগবঢ়োৱা দেখা গৈছে।
এই উটটোৰ প্ৰাৰম্ভিক নিবিদা ৫ মিলিয়ন চৌদি ৰিয়াল অৰ্থাৎ প্ৰায় ১০ কোটি ১৬ লাখ টকাত ৰখা হৈছে। ইয়াৰ পিছত ইয়াৰ নিবিদা ৭ মিলিয়ন চৌদি ৰিয়ালৰ নিবিদাত চূড়ান্ত কৰা হয়। অৱশ্যে, ইমান উচ্চ পৰিমাণৰ নিবিদা কৰি উটটো ক্ৰয় কৰা ব্যক্তিজনৰ কথা প্ৰকাশ কৰা হোৱা নাই। ভিডিঅ'টোত উটটোক ধাতুৰ বেষ্টনীত ৰখা হোৱা দেখিবলৈ পোৱা যায়। পৰম্পৰাগত পোছাক পিন্ধা লোকসকলক নিলামত অংশগ্ৰহণ কৰা দেখা গৈছে।
চৌদি আৰৱত ইমান ব্যয়বহুল মূল্যত নিলাম কৰা উটটোক পৃথিৱীৰ আটাইতকৈ বিৰল উটবোৰৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। এই উটটো ইয়াৰ বিশেষ সৌন্দৰ্য আৰু স্বকীয়তাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। পৃথিৱীত এই প্ৰজাতিৰ উট খুব কম সংখ্যাত আছে। সকলোৱে জানো যে উট চৌদি আৰৱৰ লোকসকলৰ জীৱনৰ সৈতে জড়িত। ঈদৰ দিনা চৌদি আৰৱত উট ঈশ্বৰক অৰ্পণ কৰা হয়। পৃথিৱীৰ সৰ্ববৃহৎ উট মেলাও চৌদি আৰৱত অনুষ্ঠিত হয়।
Comments