গুৱাহাটী,১ এপ্ৰিল:পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসন যিকোনো মুহূৰ্ততে অতীত হৈ পৰিব ইমৰাণ খানৰ বাবে। এসময়ৰ বিশ্ব ক্ৰিকেটৰ এইগৰাকী তাৰকা ক্ৰিকেটাৰে ৰাজনীতিৰ পথাৰত তেওঁৰ উইকেট সুৰক্ষিত কৰি ৰাখিব নোৱৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছত তেওঁৰ দলৰ নেতা তথা সহযোগীয়ে তেওঁৰ সংগ এৰিবলৈ আৰম্ভ কৰিছে।
বিৰোধীয়ে এতিয়া সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ইমৰাণ খানৰ বাবে বিদায়ৰ ক্ষণ গণাৰ বাহিৰে আন উপায় নাইকিয়া হৈ পৰিছে। তেওঁৰ উত্তৰসূৰী বিচৰাৰ কাম এতিয়াৰ পৰাই আৰম্ভ হৈ গৈছে। কোনে তেওঁৰ স্থান ল’ব সেই কথা এতিয়া চৰ্চালৈ আহিছে। এটা নাম এইক্ষেত্ৰত প্ৰথমতে আছে।যদি ইমৰান খানে অনাস্থা ভোটত পৰাজিত হয়, তেন্তে এখন নতুন চৰকাৰৰ নেতৃত্ব দিব পাৰে বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফে। তেওঁ হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। বুধবাৰে পাকিস্তান পিপুলছ পাৰ্টীৰ (পিপিপি) অধ্যক্ষ বিলাৱল ভুট্টো জাৰ্দাৰীয়ে এই ইংগিত দিছিল।
‘ইমৰান খানে এতিয়া সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। তেওঁ এতিয়া প্ৰধানমন্ত্ৰী হৈ থকা নাই। সংসদৰ অধিৱেশন কাইলৈ। কাইলৈ ভোটদান অনুষ্ঠিত হোৱাৰ পাছতে সমগ্ৰ বিষয়টো স্পষ্ট হৈ পৰিব আৰু সকলো জল্পন-কল্পনাৰ অন্ত পৰিব। তাৰ পাছত আমি স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কাম আৰম্ভ কৰিব পাৰিম আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দিশত যাত্ৰা কৰা তথা অৰ্থনৈতিক সংকটৰ সমাপ্তিৰ বাবে কাম কৰিব পাৰিম।’ পিপিপিৰ অধ্যক্ষজনে কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে মন্তব্য কৰে যে, শ্বৰীফ সোনকালেই দেশৰ প্ৰধানমন্ত্ৰী হ’ব।
Comments