গুৱাহাটী, ১ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰাই মহিলাসকলৰ সুৰক্ষাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিবলৈ শুকুৰবাৰে বিষয়াসকলক নিৰ্দেশ দিয়ে।
প্ৰতিদিনে মুখ্যমন্ত্ৰী যোগীয়ে নিৰ্দেশনা দিয়া বিষয়াসকলৰ ৯ নং গোটৰ বিষয়াসকলক সম্বোধন কৰি কয় যে, "অনুষ্ঠানটোৰ বিশেষ নিৰীক্ষণৰ বাবে প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত এণ্টি-ৰোমিঅ' স্কোৱাডক সক্ৰিয় কৰিব লাগে। লগতে, বজাৰৰ স্থান আৰু জনবহুল এলেকাত নিৰাপত্তা বৃদ্ধি কৰিব লাগে।"
ইপিনে, মিছন শক্তিৰ চতুৰ্থ পৰ্যায়টো ১০ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে, "মহিলা কনিষ্টবলসকলক তেওঁলোকৰ সঠিক ঠাইত নিয়োজিত কৰি সঠিক সমন্বয় নিশ্চিত কৰিব লাগে।"
তেওঁ লগতে কৈছে যে, "মহিলা কনিষ্টবলসকলে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে আৰু তেওঁলোকৰ বাবে চৰকাৰে চলাই থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰিব লাগে।"
আনহাতে, জৰুৰীকালীন ৱাৰ্ডবোৰত সকলো সুবিধা নিশ্চিত কৰাৰ লগতে যদি কোনোবা কৰ্মচাৰীৰ অভাৱ হয় তেন্তে সেই খালী পদবোৰত অতি সোনকালে নিযুক্তি দি পূৰণ কৰিব লাগে। লগতে, পুৰণি এম্বুলেন্সৰ সলনি নতুন অত্যাধুনিক এম্বুলেন্সৰ সেৱা মুকলি কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী যোগীয়ে লগতে বিষয়াসকলক বজ্ৰপাতৰ ফলত হোৱা মৃত্যু কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে বিজ্ঞানীসকলৰ পৰামৰ্শ ল'বলৈও নিৰ্দেশ দিয়ে।
তেওঁ বিষয়াসকলক গ্ৰীষ্মকালীন মাহবোৰত গ্ৰাম্য অঞ্চলৰ দমকলবোৰ সঠিক অৱস্থাত কাম কৰি থকাটো নিশ্চিত কৰিবলৈও কৈছে।
Comments