Classifieds
View All
গুৱাহাটী,১ এপ্ৰিল:ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰেতাসকলে ৰাছিয়াৰ পৰা ক্ৰুড অইলৰ ক্ৰয় পৰিহাৰ কৰিছে ইয়াৰ ফলত ৰাছিয়াত উৎপন্ন তেলৰ ভাৰত আৰু চীন হৈছে মুখ্য ক্ৰেতা।
শেহতীয়াকৈ ৰাছিয়াই ভাৰতক ইয়াৰ ফ্লেগশ্বিপ ইউৰালগ্ৰেড তেল প্ৰতি বেৰেলত ৩৫ ডলাৰ ৰেহাইত আগবঢ়াইছে।নিজৰ বিধ্বস্ত অৰ্থনীতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাছিয়াৰ এইয়ে হৈছে একমাত্ৰ উপায়।
ৰাছিয়াই বিচাৰে যে ভাৰতে এই বছৰৰ বাবে চুক্তিবদ্ধ ১৫ নিযুত বেৰেল আৰম্ভণিতে গ্ৰহণ কৰক। ৰাছিয়াই নিজৰ মেচেজিং চিষ্টেম এছপিএফএছ ব্যৱহাৰ কৰি ভাৰতলৈ টকা-ৰুবেল-নিৰ্ধাৰিত পৰিশোধৰ দ্বাৰা তেল ক্ৰয়ৰ প্ৰস্তাৱ আগবঢ়াইছে, যিয়ে ভাৰতৰ বাবে ব্যৱসায় অধিক আকৰ্ষণীয় কৰি তুলিব।
Comments