গুৱাহাটী,৩১ মাৰ্চ : ১ এপ্ৰিলত অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন । তাৰ মাজতে আজি বিধানসভা সচিবালয়ত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন । গতিকে, ৰাজ্যসভাৰ নিৰ্বাচনৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰৰ দিনটোতে একেলগে বিধানসভাত গৃহীত কৰা হয় ওঠৰখনকৈ বিধেয়ক । সদনত গৃহীত হোৱা বিধেয়কসমূহ হ'ল শিক্ষা, সংখ্যালঘু উন্নয়ন, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ, বিত্ত, সমাজ কল্যাণ, প্ৰশাসনিক সংস্কাৰ, পৰিবহণ, উদ্যোগ আৰু বাণিজ্যকে ধৰি কেইবাটাও বিভাগৰ ।
সদনত আজি দফাই দফাই আলোচনাৰ অন্তত গৃহীত হোৱা এই ওঠৰখন বিধেয়ক হ'ল ক্ৰমে দ্য আছাম ষ্টেট কমিছন ফৰ মাইন'ৰিটিজ সংশোধনী বিধেয়ক, দ্য আছাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকছাৰ ডেভেলপমেন্ট কৰ্প'ৰেছন সংশোধনী বিধেয়ক, দ্য আছাম টেক্সেছন লিকুইডিছন এণ্ড এৰিয়াৰ্চ সংশোধনী বিধেয়ক, দ্য আছাম ফিস্কেল ৰেস্পনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট সংশোধনী বিধেয়ক, দ্য আছাম বৰ্ষ্টেল ইনষ্টিটিউচন ৰিপিলিং বিধেয়ক আৰু দ্য আছাম চিলড্ৰেন ৰিপিলিং বিধেয়ক।দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেচন সংশোধনী বিধেয়ক, দ্য আছাম মিউনিচিপাল কৰ্প'ৰেচন বিধেয়ক, দ্য আছাম ৰিপিলিং বিধেয়ক, দ্য আছাম এক্সচাইজ সংশোধনী বিধেয়ক, দ্য আছাম কন্টিজেঞ্চী ফাণ্ড বিধেয়ক, দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট কমিচন ফৰ এনালগছ পষ্টচ ইন ক্লাছ থাৰ্ড এণ্ড ফৰ্থ বিধেয়ক, দ্য আছাম এইড টু ইণ্ডাষ্ট্ৰিজ বিধেয়ক, দ্য আছাম এলিমেন্টেৰী এডুকেছন প্ৰভিঞ্চিয়েলাইজেছন বিধেয়ক, দ্য আছাম ষ্টেট হায়াৰ এডুকেছন কাউঞ্চিল ৰিপিলিং বিধেয়ক, দ্য আছাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেছন ইঞ্চটিটিউচনছ ৰিপিলিং বিধেয়ক, দ্য আছাম ক্লাছিকেল ইনষ্টিটিউচনছ ৰিপিলিং বিধেয়ক আৰু দ্য আছাম ষ্টেট য়ুথ কমিছন বিধেয়ক।
Comments