গুৱাহাটী,৩১ মাৰ্চ:এ আই ইউ ডি এফৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলামে কৃষি বিভাগৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি বিভাগীয় মন্ত্ৰীক কঠোৰ সমালোচনা কৰে৷ ২০২০ চনত কৰা কৃষি কাৰ্যৰ বিপৰীতে ২০২১ চনত কৃষিকৰ্ম কম হোৱাৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ মাত্ৰ সাত শতাংশ মাটিতহে জলসিঞ্চনৰ সুবিধা আছে বুলি উল্লেখ কৰে৷ জলসিঞ্চনৰ অভাৱৰ বাবে ৰাজ্যৰ কৃষকে অধিক উৎপাদন কৰাত সফল হ’ব পৰা নাই বুলি উল্লেখ কৰি বছৰে বছৰে জলসিঞ্চনৰ সুবিধা থকা কৃষিভূমিৰ পৰিমাণ কমি অহাটো উদ্বেগৰ কাৰণ বুলি উল্লেখ কৰে৷
আনহাতে, কৃষি বিভাগে যোগান ধৰা বীজসমূহৰ গুণগত মানক লৈয়ো সৰৱ হৈ পৰে জনীয়া সমষ্টিৰ বিধায়কগৰাকী৷ কৃষকক যোগান ধৰা ধানৰ বীজত পতান ওলায়৷ বিগত সময়ছোৱাত চৰকাৰী বীজৰ খেতি কৰি বহুতো কৃষকে বিদ্ৰোহ কৰিবলগীয়াত পৰিছিল বুলি উল্লেখ কৰি কৃষকক উপযুক্ত শস্য দিব লাগিব বুলি সদনত দাবী উত্থাপন কৰে৷ আনহাতে, কৃষি বীজ যোগানৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে৷
Comments