গুৱাহাটী,৩১ মাৰ্চ:ৰাজনৈতিক অস্থিৰতাৰ মাজত পাকিস্তান। দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খান অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে ইমৰান খানে পদত্যাগ নকৰে বুলি মন্তব্য কৰিছে। ৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই অনাস্থা প্ৰস্তাৱৰ পূৰ্বে পাকিস্তানত সেনাৰ অভ্যুত্থানৰ ইংগিত প্ৰদান কৰিছে।
বুধবাৰে ইমৰান খানৰ বাসগৃহ পাকিস্তানী সেনাই চাৰিওফালৰ পৰা আগুৰি ধৰিছে। আনহাতে পাকিস্তানৰ সেনা প্ৰধানে ইমৰান খানক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে পাকিস্তানত সেনাৰ অভ্যুত্থান কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা দেশখনত সেনাৰ অভ্যুত্থানৰ বহু ঘটনা সংঘটিত হৈ আহিছে।পাকিস্তান তেহৰিক-ই-ইনচাফৰ নেতা ফৈজল ভাওদাই প্ৰধানমন্ত্ৰী ইমৰান খানৰ জীৱনলৈ শংকা নামি অহাৰ ওপৰিও তেওঁক হত্যা কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি দাবী কৰিছে।
এটা ব্যক্তিগত বাতৰি চেনেলৰ সৈতে বাৰ্তালাপ কৰি ফৈজল বাওদাই কয় যে প্ৰধানমন্ত্ৰী ইমৰান খানক হত্যা কৰাৰ বাবে বিদেশী ষড়যন্ত্ৰ চলি আছে। তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰীক শেহতীয়াকৈ ৰাজহুৱা সমাৱেশসমূহক সম্বোধন কৰাৰ সময়ত বুলেটপ্ৰুফ জেকেট ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। কেৱল ৰাজহুৱা সভায়ে নহয় পৰাপক্ষত সকলো সময়তেই ইয়াক পৰিধান কৰিবলৈ তেওঁক নিৰ্দেশ দিয়া হৈছে। তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সৰ্বশক্তিমান আল্লাৰ দ্বাৰা নিৰ্ধাৰিত সময়তহে তেওঁ এই পৃথিৱী ত্যাগ কৰিব।"
Comments