গুৱাহাটী,৩ এপ্ৰিল:কলকাতা বিমানবন্দৰৰ পৰা উদ্ধাৰ ১৬ কেজি হেৰোইন! শনিবাৰে নিশা ঘটনাটো পোহৰলৈ অহাৰ লগে লগেই চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব প্ৰকাশ মতে, বুধবাৰে এই ঘটনাটি ঘটে। সেইদিনা সন্ধিয়া ডুবাইৰ পৰা অহা এখন বিমানৰ পৰা নামে তিনি জন বিদেশী।নিৰাপত্তাৰক্ষীয়ে চাৰিটা ট্রলিৰ পৰা ১৬ কেজি হেৰোইন উদ্ধাৰ কৰে।
তাৰ পিছতেই লোককেইজনক গ্রেপ্তাৰ কৰা হয়। জানিব পৰা মতে, ধৃত কেইজনৰ মাজত দুগৰাকী মহিলা। এগৰাকী মহিলা আৰু এজন পুৰুষ কেনিয়াৰ নাগৰিক। আনগৰাকী মহিলা মালয়েচিয়াৰ বাসিন্দা।তিনিওজনকেই সোধাপোছা কৰা হৈছে। এই সৰবৰাহৰ নেপথ্যত কোন আছে সেয়া জনাৰ চেষ্টা কৰিছে DRI-এ। দুজনে মেডিকেল ভিছা আৰু এজনে ব্যৱসায়ৰ ভিছাৰ জৰিয়তে ভাৰতলৈ আহিছে।
বাজেয়াপ্ত হেৰোইনখিনিৰ বজাৰ মূল্য প্রায় ১১৩ কোটি টকা। চোৰাংচোৱাৰ দাবী, এইটোৱে কলকাতাত সৰ্বাধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ। সূত্রৰ খবৰ মতে, দক্ষিণ আফ্রিকাৰ পৰা ডুবাই হৈ কলকাতালৈ আহিছিল উক্ত বিপুল পৰিমাণৰ হেৰোইন।তাৰ পিছত সেইবোৰ দিল্লীলৈ সৰবৰাহ কৰাৰ কথা আছিল। এই সৰবৰাহচক্রত কোন জড়িত, সেয়া জানিবলৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Comments