গুৱাহাটী,৩ এপ্ৰিল:এগৰাকী ২৩ বছৰীয়া মহিলাই মধ্যপ্ৰদেশৰ দামোহ জিলাত তেওঁৰ ৬৫ বছৰীয়া শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে৷ ভুক্তভোগী গৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি বিবাহৰ দুমাহৰ পিছৰে পৰা তেওঁৰ শহুৰেকে তেওঁক শাৰীৰিক ভাৱে অপদস্থ কৰিবলৈ আৰম্ভ কৰিছিল তদুপৰি অভিযুক্ত শহুৰেকে যোৱা দুবছৰত তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল।
ভুক্তভোগীগৰাকীয়ে তেওঁৰ শাহু আৰু নিজৰ স্বামীক শহুৰেকৰ এনে অপকৰ্মৰ বিষয়ে কৈছিল কিন্তু তেওঁলোকে সেইখিনি কথাক গুৰুত্ব দিয়া নাছিল। শাহুৱেকে কৈছিল যে তেওঁৰ স্বামীয়ে এনে ধৰণৰ কাম কেতিয়াও নকৰে।আনহাতে, ভুক্তভোগীগৰাকীৰ ২৮ বছৰীয়া স্বামীয়েও ইয়াক আওকান কৰিছিল।
তেওঁ আৰক্ষীক কৈছিল,“মোৰ বিবাহ ২০২০ চনৰ ১১ জানুৱাৰীত দামোহত হৈছিল। বিয়াৰ পিছত দুমাহৰ বাবে সকলোবোৰ ভালদৰে চলিছিল।কিন্তু ইয়াৰ পিছত, শহুৰেকৰ অভিপ্ৰায়ৰ অৱনতি ঘটিল। মই ভাবিছিলো, তেওঁলোকে মোক এজনী ছোৱালী বুলি ভাবে, কিন্তু তেওঁলোকে তাকে নকৰি বিভিন্ন অজুহাতত নিজৰ ন্যস্ত স্বাৰ্থবোৰ পূৰণ কৰাতহে গুৰুত্ব দিবলৈ ধৰিলে।"
মহিলাগৰাকীয়ে পিছত উপায়ন্তৰ হৈ তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলক এই বিষয়টোৰ ওপৰত অভিযোগ দিছিল আৰু শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুষমা শ্ৰীবাস্তৱে কৈছিল যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত শহুৰেকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আনহাতে ভুক্তভোগীৰ স্বামী পলাতক হৈ আছে।
Comments