গুৱাহাটী,১ এপ্ৰিল:২০২৪ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ দহটা আঞ্চলিক দল একত্ৰিত হৈ তৃতীয় মৰ্চা গঠনৰ বাবে প্ৰস্তুতি চলাইছে। সদ্যঘোষিত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত বিজেপিয়ে বৃহৎ সফলতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে বৃহৎ বিফলতাৰ সন্মুখীন হৈছিল। বিজেপিৰ অভাৱনীয় উত্থান আৰু কংগ্ৰেছৰ দুৰ্দশাৰ মাজতেই দেশৰ আঞ্চলিক দলসমূহে একত্ৰিত হৈ বিজেপিক ৰোধিবলৈ কুচ্কাৱাজ চলাইছে। তেওঁলোকে বিজেপিক ৰোধিবলৈ তৃতীয় মৰ্চা গঠনৰ কামো আৰম্ভ কৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিষয়ক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে তৃতীয় মৰ্চা গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। গোপনে চলি থকা তৃতীয় মৰ্চা গঠনৰ প্ৰস্তুতি এতিয়া দিল্লীৰ কাষ চাপিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতেও তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিছে। উল্লেখ্য যে তৃতীয় মৰ্চা গঠনৰ প্ৰস্তুতিত দহখন ৰাজ্যৰ অবিজেপি আৰু অকংগ্ৰেছী মুখ্যমন্ত্ৰী থাকিব। তেওঁলোকৰ উদ্দেশ্য হ’ব কংগ্ৰেছ আৰু বিজেপিবিহীন এক তৃতীয় মৰ্চা গঠন কৰা।
ইয়াৰ পূৰ্বে ১ মাৰ্চত চন্দ্ৰশেখৰ ৰাৱে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডী আৰু তালিমনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনৰ মাজত এই সন্দৰ্ভত আলোচনা চলি আছে বুলি জানিব পৰা গৈছে। তৃতীয় মৰ্চাত থাকিবলগীয়া মুখ্যমন্ত্ৰীসকলে অহা কেইদিনমানৰ ভিতৰত মুম্বাই অথবা দিল্লীত একত্ৰিত হ’ব আৰু ইয়াৰ আনুষ্ঠানিক ৰূপ দিব। তৃতীয় মৰ্চা গঠনত আগভাগ লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কিয়নো পশ্চিমবংগত লোকসভা আসনৰ সংখ্যা হৈছে ৪২খন। যাৰ ভিতৰত ২২খন তৃণমূল কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে ১৮খন বিজেপি আৰু ২খন কংগ্ৰেছৰ হাতত আছে। একেদৰে তামিলনাডুৰ ডিএমকেৰ হাতত ৰাজ্যখনৰ ৩৯খন লোকসভা আসনৰ ভিতৰত তেওঁলোকৰ হাতত ২৩খন আসন আছে। আনহাতে ৮খন কংগ্ৰেছ আৰু ৮খন অন্যান্য দলৰ হাতত আছে। তেলেংগানাৰ ১৭খন লোকসভা আসনৰ ভিতৰত ৯খন টিআৰএছৰ দখলত থকাৰ বিপৰীতে ৪খন বিজেপি, ৩খন কংগ্ৰেছ আৰু ১খন অন্যান্যৰ হাতত আছে।
Comments