বোকাখাত : ১ এপ্ৰিল :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত অভিযুক্ত ৰঞ্জয় বৰ্ধনৰ নামৰ চোৰাং ব্যৱসায়ী জনে অৱশেষত আদালতত আত্মসমৰ্পণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনত দীৰ্ঘদিন ধৰি গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় চলাই থকা এটা চক্ৰক ২০২০ চনত বনবিভাগে কৰায়ত্ব কৰি জেল হাজোতলৈ কৰিছিল ৷ এই চক্ৰটোত কাজিৰঙাৰ একাংশ বনকৰ্মীৰ লগতে ৰঞ্জয় বৰ্ধন নামৰ লোকজনৰ নামো আছিল ৷ ৰঞ্জয় বৰ্ধন বোকাখাত মহকুমাৰ ১ নং কহঁৰাৰ বাসিন্দা ৷
উল্লেখিত চক্ৰটোত থকা অভিযুক্ত বনকৰ্মী কেইজনক ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলা অভযানত কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও ৰঞ্জয় বৰ্ধনে আত্মগোপন কৰিছিল ৷ গঁড় খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকা গোচৰত আদালতে ৰঞ্জয় বৰ্মনক চমন জাৰি কৰিছিল যদিও আত্মগোপন কৰি থকা ৰঞ্জয় বৰ্ধনে আদালতত হাজিৰ নোহোৱাত আদালতে তেওঁক পলাতক ঘোষণা কৰিছিল ৷ ৰঞ্জয়ক বিচাৰি বন বিভাগৰ অভিযান চলি আছিল যদিও ৰঞ্জয়ক বৰ্ধনৰ কোনে সন্ধান পোৱা নাছিল ৷
আত্মসৰ্পনৰ সময়তে ৰঞ্জয় বৰ্ধনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন জনাই যদিও উচ্চ ন্যায়ালয়ে এই আৱেদন নাকচ কৰিছিল ৷ অৱশেষত ৰঞ্জয় বৰ্ধনে বোকাখাতৰ ন্যায়িক আদালতত আত্মসমৰ্পণ কৰে ।
আদালতত আত্মসমৰ্পন কৰাৰ পিচত অধিক তথ্য আৰু সোধাপোচৰ বাবে ৰঞ্জয় বৰ্ধনক নিজৰ জিম্মাত লয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ মতে কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সম্পৰ্কত ৰঞ্জয় বৰ্ধনৰ নামত তিনিটা গোচৰ আছে ৷
উল্লেখ্য যে দীৰ্ঘ দিনৰে পৰাই ৰঞ্জয় বৰ্ধন কাৰ্বি আংলঙ জিলাৰ চোৰাং কাঠ, শিল আদিৰ ব্যৱসায়ত জড়িত হৈ ধনবান হৈ পৰে ৷ সম্প্ৰতি ৰঞ্জয় বৰ্ধনৰ নিজা চাহ বাগিচা থকাৰ লগতে অগাধ সম্পত্তিৰো গৰাকী ৷
Comments