গুৱাহাটী, ২ এপ্রিলঃ হিন্দী চিনেমাৰ অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু চেইফ আলী খানৰ যুটি প্ৰায়সংখ্যক মানুহৰে প্ৰিয়। দুয়োগৰাকী সুদক্ষ, স্পষ্টবাদী আৰু শীতল মনোভাৱৰ। কিন্তু শেহতীয়াকৈ এনে এটা কথা প্ৰকাশ পাইছে যিটো শুনি সকলোৱে মনোৰঞ্জন পাইছে৷ কিয়নো কৰীণা কাপুৰে তেওঁৰ স্বামী ছেইফক মুকলিকৈ সতৰ্কবাণী দিছে। সতৰ্কবাণী দিয়াৰ কাৰণটোও যথেষ্ট হাষ্যকৰ।
সকলোৱে জানে যে কৰীণা কাপুৰ আৰু চেইফ আলী খানৰ টাইমুৰ আৰু জেহ নামৰ দুটি সন্তান আছে। দ্বিতীয় সন্তানৰ জন্মৰ পিছত, এতিয়া কৰীণা কাপুৰে এক সাক্ষাৎকাৰত তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছুমান ধেমেলীয়া কথা উন্মোচন কৰিছে। য'ত, কৰীণা কাপুৰে চেইফ আলী খানৰ পিতৃ হোৱাৰ ওপৰত কিছু হাষ্যকৰ কথা কৈছে।
কৰীণাই এক বিশেষ সাক্ষাৎকাৰত কৈছে, "মোৰ স্বামী চৈফৰ জীৱনৰ প্ৰতিটো দশকত একোটাকৈ সন্তান জন্ম পাইছে। প্ৰথমে, ২০ ৰ দশকত ছাৰা, ৩০ ৰ দশকত অব্ৰাহাম, ৪০ দশকত টাইমুৰ আৰু ৫০ ৰ দশকত জেহ। সেইকাৰণে মই তেওঁক কৈছোঁ যে, ৬০ৰ দশকত যাতে পুনৰ বাপেক হোৱাৰ কথা নাভাবে।"
ইয়াৰ উপৰিও, কৰীণাই তেওঁৰ স্বামী চৈইফক পিতৃ হিচাপে প্ৰশংসাও কৰে। কৰীণাই এই সন্দৰ্ভত কৈছে, "মই ভাবো যি মানুহে চেইফৰ দৰে ভাবে তেওঁহে চাৰিটা সন্তানৰ পিতৃ হ'ব পাৰে। মোৰ স্বামীয়ে এতিয়া সকলোকে সমানে সময় দিয়ে আৰু এতিয়া জেহৰ সৈতে আমি দুয়োৱে সমানে সময় দিবলৈ চেষ্টা কৰি আছোঁ। আমি এটা চুক্তি কৰিছো যে যেতিয়া চৈইফে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰে, মই সেই সময়ত চিনেমাৰ কাম হাতত নলওঁ।"
Comments