গুৱাহাটী, ২ এপ্রিলঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবীক সমৰ্থন কৰি নেপাল চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰেম আলেয়ে কয় যে, "যদি জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ হিন্দুৰ পক্ষত থাকে, তেন্তে ইয়াক গণভোট বুলি কোৱা উচিত।" পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী প্ৰেম আলে কাঠমাণ্ডুত অনুষ্ঠিত বিশ্ব হিন্দু ফেডাৰেশ্যনৰ দুদিনীয়া কাৰ্যবাহী পৰিষদৰ বৈঠকত ভাষণ দি কয় যে, "নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবী বিবেচনা কৰিব পাৰি আৰু যদি এনে হয় তেন্তে মই এক 'গঠনমূলক ভূমিকা পালন কৰিম।"
মন্ত্ৰী প্ৰেম আলে উক্ত কাৰ্যসূচীৰ সময়ত বিশ্ব হিন্দু ফেডাৰেশ্যনৰ দ্বাৰা উত্থাপিত দাবীৰ প্ৰতি সঁহাৰি জনায়। কাৰ্যবাহী পৰিষদৰ বৈঠকত নেপাল, ভাৰত, বাংলাদেশ, শ্ৰীলংকা, মালয়েছিয়া, আমেৰিকা যুক্তৰাজ্য, জাৰ্মানী আৰু ইউকেকে ধৰি ১২ খন দেশৰ ১৫০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
যিহেতু বৰ্তমানৰ পাঁচ-দলীয় মিত্ৰজোঁটৰ চৰকাৰৰ সংসদত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আছে, নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবীক গণভোটত ৰাখিব পাৰি বুলি মন্ত্রী আলেয়ে উল্লেখ কৰে। মন্ত্ৰী প্ৰেম আলেয়ে লগতে প্ৰশ্ন কৰিছে যে, "আমাৰ সংবিধানে দেশখনক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে কিন্তু যদি জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ অংশ হিন্দু ৰাষ্ট্ৰৰ পক্ষত থাকে, তেন্তে নেপালক গণভোটৰ জৰিয়তে হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰা নহ'ল কিয়?"
২০০৬ চনৰ গণ আন্দোলনত ৰাজতন্ত্ৰ বিলুপ্ত হোৱাৰ পিছত ২০০৮ চনত নেপালক ধৰ্মনিৰপেক্ষ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। নেপালত সংখ্যাগৰিষ্ঠ হিন্দু জনসংখ্যা আছে। কাৰ্যসূচীৰ সময়ত বিশ্ব হিন্দু ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলৰ সভাপতি অজয় সিঙে নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় কিয়নো দেশখনত বৃহৎ সংখ্যাত হিন্দু ধৰ্মৰ লোক আছে।
অজয় সিঙে লগতে প্ৰশ্ন কৰে যে, "যদি কিছুমান দেশক ইছলামিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পাৰি, আন দেশসমূহক খ্ৰীষ্টান ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাও বজাই ৰাখিব পাৰি তেন্তে নেপালক হিন্দু গণতান্ত্ৰিক দেশ হিচাপে কিয় ঘোষণা কৰিব নোৱাৰি? "মই নেপালী কংগ্ৰেছ, চিপিএন-মাওবাদী কেন্দ্ৰ, চিপিএন-ইউএমএল আৰু মাধেচী দলসমূহক নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ।"
Comments