গুবাহাটী, ২ এপ্ৰিলঃ যোৱা ৮ চ'ত (২৩ মাৰ্চ)বুধবাৰে আমাৰ সকলোৰে পৰম আৰাধ্যা আৰু মৰমৰ অনি বাইদেউ (হেমলতা দেৱী)য়ে ইহলীলা ত্যাগ কৰে। বাইদেউ আছিল প্ৰখ্যাত মুক্তিযোদ্ধা কৃষ্ণ শৰ্মাৰ পত্নী আৰু অসমখ্যাত উজানবজাৰৰ নাও গোসাঁইৰ প্ৰথম জী-নাতিনী।
অনি বাইদেউৰ জন্ম হৈছিল নাও গোসাঁইৰ দ্বিতীয় জীয়ৰী ননীবালা দেৱী আৰু ডা: ৰাজ্যনাথ শৰ্মাৰ ঔৰসত ১৯৩২ চনৰ ১৯ নৱেম্বৰত। বাইদেউ ডাঙৰ হৈছিল নাও গোসাঁইৰ প্ৰথম জীয়ৰী আৰু জোঁৱাই শশী গোস্বামীৰ ঘৰত তেওঁলোকৰ একমাত্ৰ জীয়ৰীৰ স্হান শোভা কৰি। কৈশৰোতে মাতৃহাৰা মোৰ পিতা প্ৰয়াত গোপাল গোস্বামীও ডাঙৰ হৈছিল একেখন ঘৰতে বায়েক-ভিনিহেকৰ সান্নিধ্যত।
সেয়েহে পিতা আছিল বাইদেউৰ মামাকৰ উপৰি জেষ্ঠ ভ্ৰাতৃপ্ৰতিম। কেণ্দুকণাৰ পুথিমাৰীৰ কৃষ্ণ শৰ্মাৰ লগত ১৯৪৮ চনত বাইদেউ বিবাহপাশত আবদ্ধ হয়। কেন্দুকণাৰ গাঁৱৰ ঘৰখনৰ লগত বাইদেউৰ আছিল নিবিড় সম্পৰ্ক।
অসম চৰকাৰৰ শ্ৰম বিভাগত কৰ্মৰত কৃষ্ণ ভিনদেৱে নামৰূপ সাৰ কাৰখানাৰ জন্মলগ্নতে সাৰ কাৰখানাৰ চাকৰিত যোগদান কৰিছিল। সেই সময়ত নতুনকৈ গঢ় লৈ ওঠা নামৰূপৰ উন্নয়নৰ কামত বাইদেৱে সাৰ কাৰখানা বাকী মহিলাৰে সতে ওতপ্ৰোতভাবে জড়িত হৈ পৰিছিল। ১৯৮৩ চনত সাৰ কাৰখানাৰ উচ্চপদস্থ বিষয়া হিচাপে ভিনদেৱে অৱসৰ লয়। তেতিয়াৰপৰা গুৱাহাটীৰ নিগাজি বাসিন্দা হৈ পৰে।
বাইদেউ আৰু ভিনদেউৰ জীৱনলৈ আহিছিল পঞ্চকন্যা মালা, বেলা, জুলা, নীলা আৰু ভন্টু। বাইদেউৰ ডাঙৰ ছোৱালী মালা, বেলা আইতাক ৰেণুবালা দেৱীৰ ঘৰত থাকি ডাঙৰ-দীঘল হৈছিল। মই আৰু মোৰ দাদা দিলো মা-পিতাৰে সৈতে একেখন ঘৰতে আছিলো। এক বিৰাট যৌথ পৰিয়াল। পৰিয়ালৰ গুৰি ধৰোঁতা জেঠাই ৰেণুবালা দেৱী। এইখিনি সম্ভব হৈছিল অনি বাইদেৱে মাক আপোন ভনীৰ স্হান দি জেঠাইৰ হাতত সকলো কৰ্তৃত্ব এৰি দিয়াৰ বাবে। আজিৰ সমাজত এনে দৃষ্টান্ত বিৰল।
হাতৰ কামত বাইদেউ আছিল নিপুণ। চিলাই, তাঁতবোৱা,ঊল গুঁথা আদি সকলো কামতে বাইদেউ পাৰ্গত আছিল। সৰুকালত আমি পিন্ধা চোলা, ছুৱেটাৰ আদি বাইদেৱে বনোৱা আছিল।
ৰন্ধনবিদ্যাতো বাইদেউ পাকৈত আছিল। এক কথাত প্ৰকৃত গৃহিণী।
বাইদেউ আছিল অত্যন্ত সহনশীল। সৰু জী ভন্টুৰ (নিবেদিতাৰ) স্বামী কুন্তলৰ অকাল বিয়োগত বাইদেউ ভণ্টুৰ সাহস হৈছিল। ভাগি নপৰি আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিল। সেয়েহে আজি কুন্তল মেম’ৰিয়েল টাষ্ট (কে জি এম টি)জিলিকি উঠিছে।
পৰিয়ালৰ সকলোৰে মৰমৰ অনি বাইদেউ আছিল নাতি-নাতিনীৰ মৰমৰ আইমা। অনি বাইদেউৰ শূন্যতা পৰিয়াল আৰু আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি। আজি আদ্যশ্ৰাদ্ধৰ পৱিত্ৰ ক্ষণত অনি বাইদেউৰ বিদেহ আত্মাৰ শান্তি কামনা কৰিলোঁ।
Comments