গুৱাহাটী,৪ এপ্ৰিল:আলোচনাৰ মাধ্যমেৰেই ভাৰতৰ সৈতে পাকিস্তানৰ সকলো বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ বার্তা দিলে পাকিস্তানৰ সেনাপ্রধান জেনেৰেল কামাৰ জাভেদ বাজৱাই।পাকিস্তানৰ চলিত ৰাজনৈতিক সংকট আৰু ইমৰান খানৰ চৰকাৰৰ অনিশ্চিত ভবিষ্যতক লৈ দেশ-বিদেশত আলোচনাৰ মাজতেই ৰাজধানী ইছলামাবাদত চলা দুদিনীয়া ‘ইছলামাবাদ নিৰাপত্তা সংলাপ’ৰ অন্তিমদিনা তেওঁ কয়, ‘‘ভাৰতৰ সৈতে সকলো বিৰোধ আলোচনাৰ মাধ্যমেৰে শান্তিপূর্ণ পথেৰে সমাধান কৰা উচিত। কাশ্মীৰসহ সকলো সমস্যা সমাধানৰ বাবে কূটনৈতিক আলোচনাতেই বিশ্বাসী ইছলামাবাদ।’’
২০১৪ চনত নৰেন্দ্র মোদীয়ে প্রথমবাৰ চৰকাৰ গঠন কৰাৰ পিছত আৰম্ভণিৰ ফালে দুয়ো দেশৰ সম্পর্ক নৰম-গৰমত চলিলেও ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পিছত দ্বিপাক্ষিক সম্পর্ক বেয়ালৈ ঢাল খায়।সীমান্ত সন্দৰ্ভত দুয়ো দেশৰ সুদীর্ঘ টনা-আঁজোৰাৰ লগতে দুবছৰ ধৰি চীনৰ সৈতেও ভাৰতৰ সীমান্তৰ লৈ বিৰোধ চলিছে। নিৰাপত্তা সন্মিলনত সেই প্রসঙ্গ উত্থাপনৰ লগতে সামগ্রিকভাবে উপ-মহাদেশখনৰ পৰিস্থিতি সন্দৰ্ভত মুখ খুলি জেনেৰেল বাজৱাই কয়, ‘‘উপসাগৰীয় অঞ্চলসহ বিশ্বৰ এক-তৃতীয়াংশ অঞ্চলত ক’ৰবাত নহয় ক’ৰবাত, কোনোবা নহয় কোনোবা সংঘাত আৰু যুদ্ধ চলিছে।সেই কাৰণে, আমাৰ অঞ্চলৰ পৰা এই জুইৰ শিখা দূৰৈত ৰখাটো গুৰুত্বপূর্ণ।’’ ইয়াৰ পিছতেই তেওঁৰ সংযোগ, ‘‘পাকিস্তানে কাশ্মীৰ বিৰোধসহ সকলো সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিত বিশ্বাস কৰে আৰু ভাৰতে যদি সেয়া কৰিবলৈ ৰাজী হয়, তেন্তে আমি আগবাঢ়ি যাবলৈ প্রস্তুত।’’
Comments