Classifieds
View All
গুৱাহাটী,৬ এপ্ৰিল:ছানী লিয়নীয়ে বলীউডত তেওঁৰ কামৰ বাবে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰৰ অংশ আছিল।ভাৰতৰ চলচ্চিত্ৰ জগতত এটা দশক সম্পূৰ্ণ কৰা ছানিয়ে মুম্বাইৰ উপনগৰত তিনিটা কোঠাৰ বিলাসী পেন্টহাউচ ক্ৰয় কৰিছে যাৰ আনুমানিক মূল্য হৈছে ১৬ কোটি টকা।
তেওঁ ইয়াক লৈ কৈছিল,"ভাৰত হৈছে আমাৰ প্ৰাথমিক ঘৰ য’ত আমি আমাৰ বেছিভাগ সময় অতিবাহিত কৰোঁ।বৰ্তমান আমাৰ তিনিটা সন্তান আছে আৰু আমি অনুভৱ কৰিছিলো যে আমি কেৱল এপাৰ্টমেণ্টৰ পৰা এপাৰ্টমেণ্টলৈ গৈ থাকিব নোৱাৰো,আমাক এটা সঠিক ঘৰৰ প্ৰয়োজন।আমি আমাৰ ল’ৰা ছোৱালীখিনিক এটা উপযুক্ত ঠাই দিব বিচাৰিছিলো যিটো তেওঁলোকে সঁচাকৈয়ে ভাল পায়।"বাগিচাত খেলিবলৈ যথেষ্ট ঠাই থকাৰ বাবে তেওঁলোকে এই ঘৰটো ক্ৰয় কৰা বুলি জানিবলৈ দিছে।যাৰ আনুমানিক মূল্য হৈছে ১৬ কোটি টকা।
Comments