Cartoon
View Older
গুৱাহাটী,৬ এপ্ৰিল:অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ যাৰ বাবে অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰী সেৱা৷ কেৱল মাজুলী-নিমাতী ফেৰী সেৱাই নহয় জিলা প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব নিমাতী-কমলাবাৰী আৰু অন্যান্য ফেৰী সেৱাও ৷
ইফালে মাজুলীত পুনৰ অঘটন। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে । অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। জানিব পৰা মতে নিমাতী ঘাটৰ পৰা কমলাবাৰী অভিমুখী আহি থকা এখন ফেৰীৰ পৰা জঁপিয়াইছিল যুৱকজনে।
জল পৰিবহন বিভাগৰ তৎপৰতাত সৌভাগ্যক্ৰমে যাত্ৰীজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আত্মহত্যাৰ উদ্দেশ্যেৰে লুইতত জাঁপ দিছিল যুৱকজনে।
Comments