বোকাখাত ,৬ এপ্ৰিল :কাজিৰঙাৰ জীৱ কুলৰ সুৰক্ষা আৰু কাষৰীয় গাওঁবোৰৰ পশুধনৰ কল্যানৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰেই আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ৫ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় জনপদ বোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাট নামৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে যোৱা নিশাৰে প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷
পশু কল্যান আৰু পশু চিকিৎসা বিভাগৰ যৌথ উদ্যোগত আৰু কাজিৰঙা কৰ্মৰত বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত আৰম্ভ কৰা এই অভিযান ৫ এপ্ৰিলৰ বিয়লি বোকাখাত মহকুমাৰ অন্তৰ্গত আৰু কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিৰ পৰা আৰম্ভ হৈছে ৷ ৫ এপ্ৰিলৰ বিয়লি আৰু আজি পুৱা ভক্তে চাপৰিৰ মুঠ টা খুটিৰ ৭৯ টা গৰু আৰু ১৫৪ টা ম'হক লৈ মুঠ ২৩৩ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকাই ৷
পশুচিকিৎসক আৰু সাংবাদিক উত্তম শইকীয়াৰ নেতৃত্বত বোকাখাত পশু কল্যান আৰু পশু চিকিৎসা বিভাগৰ ৭ জনীয়া এটা দলে ৫ এপ্ৰিলৰ বিয়লি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ ভক্তে নামৰ চাপৰিটোলৈ যাত্ৰা কৰি বৰষুণৰ মাজতে গৰু ম'হক বিনামুলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ কাম সম্পন্ন কৰে ৷ প্ৰতি বছৰে কৰা এই প্ৰতিষেক প্ৰদানৰ অভিযানত বন বিভাগৰ লগতে প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে প্ৰয়োজনীয় প্ৰতিষেধক ক্ৰয় কৰি অভিযানৰ বাবে প্ৰদান কৰাৰ লগতে প্ৰতিষেধক প্ৰদানৰ সমুদায় ব্যয় কাজিৰঙাৰ কৰ্তৃপক্ষই বহন কৰি আহিছে বুলি কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে বোকাখাত বনাঞ্চলত আৰম্ভ হোৱা এই অভিযানেৰে পৰৱৰ্তী সময়ত কাজিৰঙাৰ কেউটা বনাঞ্চল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলটো আৰম্ভ কৰা হ'ব ৷ বিগত বৰ্ষত প্ৰতিষেধক প্ৰদানৰ এই অভিযানেৰে কাষৰীয় গাওঁৰ প্ৰায় ১৮ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰা হৈছিল বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ অহা ৮ এপ্ৰিলত ব্ৰহ্মপুত্ৰৰ মাজৰ গাভৰু চাপৰিত বিনামুলীয়া এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷
Comments