গুৱাহাটী, ৬ এপ্ৰিলঃ যেতিয়া কোনোবাই খাদ্য অৰ্ডাৰ দিয়ে আৰু ডেলিভাৰী বয়জনে সময়মতে দুৱাৰডলিত খাদ্য লৈ উপস্থিত নহয়, তেন্তে ডেলিভাৰী বয়জনে গালি শুনাৰ সম্ভাৱনা বেছি।
অৱশ্যে, কোনেও হয়টো আজিলৈ তেওঁলোকক সোধা নাই যে, "আপোনাৰ কিয় পলম হ'ল, কৰবাত কিবা অঘটন ঘটিছে নেকি? কিবা স্বাস্থ্যজনিত সমস্যা হৈছে নেকি? ইয়াৰ সলনি সকলোৱে কেৱল ক্ষোভ ব্যক্ত কৰা দেখা যায়। ঠিক তেনেদৰে এজন ফুড ডেলিভাৰী বয়ৰ লগত এক কৰুণ ঘটনা সংঘটিত হৈছে।
কৌতুক অভিনেতা চাহিল শ্বাহে টুইটাৰত পোষ্ট কৰিছে যে, কেনেকৈ খাদ্য বিতৰণ কৰা এজন ডেলিভাৰী বয়ে তেওঁৰ সন্মুখত কান্দিছে, কিয়নো খাদ্য বিতৰণ কৰোঁতে তেওঁৰ সৈতে প্ৰায় তিনিটা দুৰ্ঘটনা সংঘটিত হয়। অভিনেতা চাহিলে পোষ্টটোত, সকলো গ্ৰাহকক ধৈৰ্য্য ধৰিবলৈ আহ্বান জনাইছে, লগতে ডেলিভাৰী বয়ৰ সৈতে কথা পাতি থকাৰ সময়ত জনসাধাৰণক নম্ৰ হ'বলৈ আহ্বান জনাইছে।
চাহিল শ্বাহে লিখিছে, "আজি মোৰ ওচৰলৈ খাদ্য বিতৰণ কৰিবলৈ অহা এজন ডেলিভাৰী বয়ে আহি কান্দিবলৈ ধৰিলে, কাৰণ মোৰ খাদ্য সময়ত দিয়াৰ চেষ্টা কৰোঁতে তেওঁৰ সৈতে প্ৰায় ৩ টা দুৰ্ঘটনা হৈছ। মই তেওঁক পানী খাবলৈ দিয়াৰ লগতে এটা সুন্দৰ টিপ দিওঁ আৰু তাৰ পিছত তেওঁৰ ওচৰত ক্ষমা বিচাৰোঁ।"
"কাৰণ মোৰ ৫০০ টকাৰ খাদ্য কেতিয়াও তেওঁৰ জীৱনতকৈ ডাঙৰ নহয়। অনুগ্ৰহ কৰি ডেলিভাৰী কৰা লোকসকলৰ সৈতে সকলোৱে ভাল ব্যৱহাৰ কৰিব। তেওঁলোকে আমাৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰি আছে।"
চাহিলে আৰু লিখিছে, "যদি কাৰোবাৰ ভোক লাগিছে আৰু তেওঁৰ অৰ্ডাৰ দিয়া খাদ্য আহি পোৱাত পলম হয়, তেতিয়া তেওঁৰ নিশ্চয়ই খং উঠব। মই তেনে লোকসকলৰ খংটো বুজি পাওঁ, কিন্তু ডেলিভাৰী বয়ে ডেলিভাৰী দিয়াৰ সময়ত তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে। কাৰোবাৰ যিমানেই ভোক নালাগে কিয়, কাৰোবাৰ জীৱনৰ মূল্যতকৈ ভোক ডাঙৰ হ'ব নোৱাৰে।"
Comments