গুৱাহাটী, ৭ এপ্ৰিল: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মীনাক্ষী লেখি, জি কিষাণ ৰেড্ডী আৰু ভূপেন্দৰ যাদৱে বৃহস্পতিবাৰে লালকিল্লাত যোগৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।আয়ুষ মন্ত্ৰণালয়ে কেন্দ্ৰৰ 'আজাদী কা অমৃত মহোৎসৱ'ৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে এই 'যোগ উৎসৱ'ৰ আয়োজন কৰিছে।
সমবেত লোকসকলক সম্বোধন কৰি ওম বিৰলাই যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়: "যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক।"তেওঁ বিশ্ব স্বাস্থ্য দিৱসত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে আৰু যোগক বিশ্বলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"আজি বিশ্ব স্বাস্থ্য দিৱস। যোগ হৈছে এক অভ্যাস যি শৰীৰ আৰু মনৰ মাজত সমন্বয় আনি দিয়ে। ই আমাক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু আধুনিক জীৱনৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে মোকাবিলা কৰিবলৈ মানসিক ভাৰসাম্য প্ৰদান কৰে।"তেওঁ লগতে কয় যে আয়ুষ মন্ত্ৰণালয়ে ভাৰতৰ বিশিষ্ট ব্ৰেণ্ডৰ সৈতে ৭৫ টা স্থানত যোগ প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছে আৰু সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে।
Comments