গুৱাহাটী,৭ এপ্ৰিল:গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ৩ এপ্ৰিল পৰা ৬ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২২ত শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ দলটিয়ে অতি সুন্দৰ প্ৰদৰ্শনেৰে চমকপ্ৰদ কৃতিত্ব অৰ্জন কৰে। মুঠ ১৫ টা শিতানত পুৰস্কৃত হৈ গড়গাঁও মহাবিদ্যালয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে।
অনন্যা গগৈয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, জয়ন্ত সংগীত আৰু আধুনিক গীতত প্ৰথম স্থান, গজল প্ৰতিযোগিতাত দ্বিতীয় স্থান, একক লোকগীত, ভজন, আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। তেনেদৰে শোভন জ্যোতি দুৱৰা, অন্নপ্ৰসন্ন কাশ্যপ, ৰাহুল বৰুৱা আৰু দেৱপ্ৰতীম বৰগোহাঁইৰ দলটিয়ে লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু অনন্যা গগৈ, প্ৰস্তুতি ফুকন, কৌশিক ডেকা, পাৰ্থ প্ৰতীম শইকীয়া, বিকি গগৈ আৰু অন্নপ্ৰসন্ন কাশ্যপৰ দলটিয়ে সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।
Comments