Cartoon
View Older
গুৱাহাটী,৮ এপ্ৰিল:আজি ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী।ৰাষ্ট্ৰীয় মৰ্য্যদাৰে অভিবাদন জনোৱা হয় ৰাজ্যপাল মুখীক।ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যায় সপ্তাহ উপলক্ষে আজি বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাজ্যপাল গৰাকীয়ে।
উপস্থিত হৈ তেওঁ বিশ্ববিদ্যালয় খনত আৱশ্যকীয় শিক্ষকৰ পদ পূৰণ কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰাৰ লগতে ইয়াৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দিয়ে প্ৰতিশ্ৰুতি।
ছাত্ৰ একতা সভাৰ লগতে কেইবাটা ও বিভাগৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে।নৱ নিৰ্মিত বিশ্ববিদ্যালয় চৌহদ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৰাজ্যপাল জগদীশ মুখিয়ে।প্ৰতিবছৰে পৰ্য্যায়ক্ৰমে বিশ্ববিদ্যালয়ৰ উন্নতি সাধন হ'ব বুলি মত প্ৰকাশ কৰে ৰাজ্যপাল মুখীয়ে।
Comments