গুৱাহাটী,৭ এপ্ৰিল : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে অসম আৰক্ষীত ব্যাপক ৰদবদল কৰে । কাহিলীপাৰাৰ চতুৰ্থ অসম বেটেলিয়ানৰ কামাণ্ডাৰৰ দায়িত্বত থকা শিলাদিত্য চেতিয়াক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে । শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পৰশুৰাম ঘণাৱটক অসম আৰক্ষীৰ আই জি পি (প্ৰশাসন) দায়িত্বলৈ বদলি কৰা হৈছে । ইপিনে শিৱসাগৰৰ লিগিৰিপুখুৰী এক নং বেটেলিয়নৰ কামাণ্ডাৰ শ্ৰী যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে ।
মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাজেশ ৰোচনক মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তলৈ বদলি কৰা হৈছে । শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাক যোৰহাটৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে । নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক শদিয়াৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে ।একেদৰে চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তলৈ বদলি কৰা হৈছে । দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ পদলৈ বদলি কৰা হৈছে । গোৱালপাৰাৰ প্ৰথম অসম বেটেলিয়নৰ কামাণ্ডাৰ ৰাজমোহন ৰায়ক দৰঙৰ আৰক্ষী অধীক্ষকৰ পদলৈ বদলি কৰা হৈছে । বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলৈক নগাঁৱৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে ।
দক্ষিণ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক এ বসুমতাৰীক যোৰহাটৰ তৃতীয় অসম বেটেলিয়ানৰ কামাণ্ডাৰলৈ বদলি কৰা হৈছে । মুখ্যমন্ত্ৰী নিৰাপত্তাৰ বিভাগ বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা নবীন সিঙক বিশ্বনাথৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে । যোৰহাটৰ তৃতীয় অসম বেটেলিয়ানৰ কামাণ্ডাৰ ইমদাদ আলীক দক্ষিণ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে।
Comments