গুৱাহাটী, ৮ এপ্রিলঃ কাল্ট-ক্লাছিক চলচিত্র "লোকেল কং ফু" আৰু ইউটিউব চেনেল "হেভি বাজেট"ৰ আঁৰৰ দলটোৱে আগন্তুক ১৩ মে' ২০২২ তাৰিখে বহু প্ৰত্যাশিত কমেডি ফিচাৰ ফিল্ম "লোকেল উৎপাত" মুক্তি দিবলৈ গৈ আছে।
সেইমৰ্মে শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কেনি বসুমতাৰীৰ দ্বাৰা লিখিত, সম্পাদিত আৰু পৰিচালিত দলটোৰ চতুর্থ খন ফিচাৰ ফিল্ম "লোকেল উৎপাত"ৰ ট্ৰেইলাৰ মুকলি কৰে।
ইপিনে চলচ্চিত্র খনৰ কথা কবলৈ গ'লে, ইয়াক অভিনয় কৰা কলা-কুশলীসকল ক্ৰমে; বনি দেউৰী, পুনম গুৰং, জনি দেউৰী, মণ্টু দেউৰী, কেনি বসুমতাৰী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, টনি দেউৰী বসুমতাৰী, হিমাংশু গগৈ, কৌশিক নাথ, মৃগেন্দ্ৰ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকা আৰু যথাৰ্থ অগ্নিহোত্ৰী।
শেষত, অসম আৰু অন্যান্য ঠাইৰ ছবিগৃহত মুক্তিৰ বাবে সাজু এই ছবিখন wishberry.inত ১,২০০ তকৈও অধিক ক্ৰাউডফাণ্ডাৰৰ অৱদানেৰে সম্পূর্ণ কৰা এই ছবিখন চাবলৈ পৰিচালক কেনি বসুমতাৰীয়ে চিনেমা প্ৰেমী ৰাইজক ১৩ মে' ২০২২ তাৰিখে চিনেমাগৃহত গৈ চিনেমাখন চাবলৈ আহ্বান জনায়।
Comments