গুৱাহাটী,৮ এপ্ৰিল:অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ গৰুখুটি কৃষি প্ৰকল্প ভ্ৰমণ কৰি কৃষি প্ৰকল্পটোৰ লগতে ঢলপুৰ শিৱ মন্দিৰৰ সমীপত জলসম্পদ বিভাগে কৰি থকা খহনীয়া ৰোধৰ কামৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ শেহতীয়াকৈ অসম চৰকাৰে গুজৰাটৰ পৰা অনা গীৰ গাই সম্পৰ্কে বিষয়াৰ পৰা বুজ লয় । প্ৰকল্পস্থলীতে মন্ত্ৰীগৰাকীয়ে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অঞ্চলটোত চলি থকা খহনীয়াৰোধৰ কামৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ঢলপুৰৰ ঐতিহাসিক শিৱমন্দিৰৰ সমীপলৈকে নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ খহনীয়াৰোধৰ কাম পৰিদৰ্শনকৰে আৰু বিভাগীয় অভিযন্তাক অধিক ক্ষীপ্ৰতাৰে কামসমূহ সম্পূৰ্ণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে ।
পাছত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে গৰুখুটি প্ৰকল্পক আগন্তুক বাৰিষাৰ বানৰ পৰা ৰক্ষা কৰিবৰ বাবে জলসম্পদ বিভাগে কাম কৰি আছে । অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৰুখুটি কৃষি প্ৰকল্পক যথেষ্ট গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই অসমৰ যুৱক যুৱতীসকলক স্বাৱলম্বনৰ ক্ষেত্ৰত আগবাঢ়ি আহি কাম কৰিবলৈ উৎসাহিত কৰি তুলিব ।
আনহাতে এইবাৰ কিছু আগতীয়াকৈ বানপানী অহাৰ বাবে বিভাগীয় কাম কৰাত সামান্য অসুবিধা হৈছে যদিও আগন্তুক বাৰিষাৰ বাবে সাজু হ'ব পৰাকৈ বিভাগ সষ্টম হৈ আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।গৰুখুটিৰ পৰা মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছনৰ অধীনৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ পাতিদৰং পানীযোগান আঁচনিৰ "কাৰ্যক্ষম বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ" উন্মোচন কৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই আঁচনি উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আৰম্ভ কৰা এই আঁচনিয়ে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক বিশেষ ৰূপ লাভ কৰিছে ।
মন্ত্ৰীগৰাকীক সংগ দিয়ে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যােতি দাস আৰু জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াসকলে ।
Comments