গুৱাহাটী, ৯ এপ্রিলঃ সকলোৱে নিশ্চয় ইণ্টাৰনেটত বিমান দুৰ্ঘটনাৰ বহুতো ভিডিঅ' দেখিছে, কিন্তু বিমানখন দুটা ভাগত বিভক্ত হোৱাৰ ঘটনা খুব কমকৈ দেখা যায়। বিমানখন দুটা ভাগত বিভক্ত হৈ পৰাটো সাধাৰণ কথা নহয়।
মধ্য আমেৰিকা, কোষ্টা ৰিকাৰ দেশৰ পৰা ঠিক এনে এক দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। য'ত জৰুৰী অৱতৰণৰ সময়ত, বিমানখন দুটা ভাগত বিভক্ত হৈ পৰে। এই দুৰ্ঘটনাৰ ভিডিঅ' দেখি মানুহ আচৰিত হৈ পৰিছে।
বিশেষ প্ৰতিবেদন অনুসৰি, কোষ্টাৰিকাৰ জুয়ান চান্টামাৰিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে, যি দেখি সকলোৱে হতবাক হৈ পৰিছে। ডি এইচ এলৰ কোম্পানীৰ বোয়িং ৭৫৭-২০০ কাৰ্গো বিমানখনে কোনো অজ্ঞাত কাৰণত বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হয়। কিন্তু অৱতৰণৰ সময়তে বিমানখনত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়।
বিমানখন ৰানৱে’ত অৱতৰণ কৰি কিছু দূৰলৈ যোৱাৰ লগে লগে বিমানখনৰ ভাৰসাম্য বিচলিত হয়। ইয়াৰ পিছত বিমানখনে নিজৰ দিশ সলনি কৰে আৰু পিছফালৰ অংশটো সম্পূর্ণ বিচ্ছিন্ন হৈ পৰে।
ইপিনে, ডিএইচএল কোম্পানীয়ে উক্ত ঘটনা সন্দৰ্ভত কৈছে যে, "বিমানখন চলাই থকা কেবিনৰ সদস্য দুজনৰ এই দুৰ্ঘটনাটোত কোনো ধৰণৰ ক্ষতিহোৱা নাই। অৱশ্যে, ক্ৰু সদস্য দুজনক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাগ্ৰস্ত এই বিমানখন গন্টমালালৈ গৈ আছিল। তাৰ পিছত বিমানখনৰ হাইড্ৰলিক্স প্ৰণালীত কিবা ভুল হয়। ইয়াৰ পিছত পাইলটজনে বিমানখনক জৰুৰী অৱতৰণৰ বাবে অনুৰোধ কৰে।
সেই সময়তে, ডি.এইচ.এল. কোম্পানীৰ উজ্জ্বল হালধীয়া ৰঙৰ বিমানখন দুটা ভাগত বিভক্ত কৰা হৈ পৰে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা ক'লা ধোঁৱা ওলাবলৈ ধৰে। অৱতৰণৰ সময়ত বিমানখনৰ পিছফালৰ চকাবোৰো পৃথক কৰা হৈ পৰে।
Comments