গুৱাহাটী, ৯ এপ্রিলঃ অভিষেক বচ্চনৰ ছবি 'দাসৱী' নেটফ্লিক্সত প্ৰচাৰিত হৈছে, যাক সকলোৱে বাৰুকৈয়ে পছন্দ কৰিছে। মুক্তিৰ আগতে, অভিষেক বচ্চনে সহ-অভিনেত্ৰী য়ামী গৌতম আৰু নিম্ৰত কৌৰৰ সৈতে ছবিখনৰ যথেষ্ট প্ৰচাৰ কৰে। ইয়াৰে প্ৰচাৰৰ বাবে 'দ্য কপিল শৰ্মা শ্ব'ৰ এটা খণ্ডত অভিষেক বচ্চন সহ কলা-কুশলীসকল আহে। শেহতীয়াকৈ এই অনুষ্ঠানটোৰ এটা প্ৰমো ভিডিঅ' পোহৰলৈ আহিছে, যিটো যথেষ্ট ধেমেলীয়া।
অনুষ্ঠানটোৰ সময়ত, কপিল শৰ্মাই অভিষেক বচ্চনক সুধিছে যে, "আপুনি কেতিয়াবা আপোনাৰ দেউতা অমিতাভ বচ্চনৰ সৈতে আপোনাৰ চিনেমাৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰে নেকি! তেওঁ তেনেদৰে কয় নেকি 'দুঃখিত, মই নিজেই খুব ব্যস্ত। আন কোনোবাই তোমাৰ চিত্ৰনাট্যৰ কথা শুনিব।"
কপিলৰ এই কথাবোৰ শুনি অভিষেক জোৰকৈ হাঁহিবলৈ ধৰে আৰু কয়, "অমিতাভ বচ্চন অৰ্থাৎ মোৰ দেউতাই সদায় মোক স্বাধীনতা প্ৰদান কৰি আহিছে আৰু কৈ আহিছে যে ভাই, তোমাৰ যি ভুল কৰিব মন, কৰি থাকা। মই কিয় তোমাৰ দিশ নিৰ্দেশক হওঁ।"
এইটো জনা যায় যে অমিতাভে কিছু সময়ৰ পৰা সামাজিক মাধ্যমত অভিষেক বচ্চনৰ ছবি 'দাসী'ৰ প্ৰচাৰ কৰি আহিছে। মুক্তিৰ দিনা, কিছুসংখ্যক লোকে ছবিখনৰ প্ৰচাৰৰ বাবে অমিতাভ বচ্চনক সমালোচনা কৰিবলৈ চেষ্টা কৰিছে। কিন্তু অমিতাভ বচ্চনে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছে। টুইটাৰত অমিতাভে লিখিছে, 'হয় চাহাব, মই কৰোঁ: অভিনন্দন, প্ৰচাৰ, আমন্ত্ৰণ, আপোনাৰ কি কৰিব মন?'
Comments