গুৱাহাটী, ৯ এপ্ৰিলঃ শেহতীয়াকৈ এগৰাকী কৃষ্ণাঙ্গ মহিলাই আমেৰিকাত ইতিহাস সৃষ্টি কৰিছে। ন্যায়াধীশ কেতঞ্জি ব্ৰাউন জেকচনক উচ্চতম ন্যায়ালয়ৰ প্ৰথম কৃষ্ণাঙ্গ মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদে তেওঁৰ নিযুক্তিত অনুমোদন জনাইছে। ইয়াৰ সৈতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনেও এগৰাকী কৃষ্ণাঙ্গ মহিলাক উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটত ভোটদানত কেতনজী ব্ৰাউন জেকচনৰ সপক্ষে ৫৩ টা আৰু বিপক্ষে ৪৭ টা ভোট দিয়া হৈছে। সেয়েহে, জেকচনে ৫৩-৪৭ টা ভোটলাভ কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা কৃষ্ণাঙ্গ ন্যায়াধীশ হয়। ৰাষ্ট্ৰপতি জ' বাইডেনে জেকচনক দুমাহ আগতে ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়লৈ মনোনীত কৰিছে।
বাতৰি অনুসৰি, জেকচন এগৰাকী আপীল বিচাৰক আছিল আৰু ফেডাৰেল বেঞ্চত তেওঁৰ ন বছৰৰ অভিজ্ঞতা আছে। তিনিজন ৰিপাব্লিকান আইন প্ৰণেতাক বাদ দি, বাকী চিনেটৰসকলে দলগত ভাৱে ভোট দিছে।
জেকচনে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ ষ্টিফেন ব্ৰুয়াৰৰ স্থান ল'ব। থুৰগুড মাৰ্শ্বেল আৰু ক্লেৰেঞ্চ থমাছৰ পিছত তেওঁ তৃতীয় গৰাকী কৃষ্ণাঙ্গ বিচাৰক হ'ব।
ফেডাৰেল কোৰ্ট অৱ এপীলৰ ন্যায়াধীশ ৫১ বছৰীয়া কেতনজী ব্ৰাউন জেকচনে যোৱা মাহত চিনেটত চাৰিদিনীয়া শুনানিৰ সময়ত তেওঁৰ পিতৃ-মাতৃৰ সংগ্ৰামৰ কাহিনী সুঁৱৰি কয় যে, "নাগৰিক অধিকাৰ আইনত পৰিণত হোৱাৰ পিছত মোৰ পথ আৰু মোৰ পিতৃ-মাতৃৰ পথ স্পষ্ট হৈ পৰিছে।"
Comments